ETV Bharat / state

নগাঁৱত বিজেপি সভাপতি জে পি নাড্ডাৰ প্ৰতিমূৰ্তি দাহ - বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি

কা' কাৰ্যকৰীকৰণৰ কুচকাৱাজক লৈ নগাঁৱত গৰজি উঠিল অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ। জে পি নাড্ডাৰ প্ৰতিকৃতি দাহ কৰি পুনৰ জংগী আন্দোলনৰ ভাবুকি ।

ajycp protest against caa at nagaon
নগাঁৱত বিজেপি সভাপতি জে পি নাড্ডাৰ প্ৰতিমূৰ্তি দাহ
author img

By

Published : Oct 22, 2020, 7:03 PM IST

নগাঁও, 22অক্টোবৰঃ কেন্দ্ৰীয় চৰকাৰে মহামাৰী ক'ৰণাৰ বিভীষিকাৰ মাজতে 'কা' কাৰ্যকৰীকৰণৰ বাবে কুচকাৱাজ আৰম্ভ কৰাক লৈ নগাঁৱত গৰজি উঠিছে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ । বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই শিলিগুৰিৰ এক সভাত শীঘ্ৰেই 'কা' কাৰ্যকৰীকৰণ কৰা হ'ব বুলি ঘোষণা কৰাৰ পিছতে এতিয়া ক্ষুণ্ণ হৈ পৰিছে বিভিন্ন জাতীয়-জনগোষ্ঠীয় দল-সংগঠন ।

নগাঁৱত বিজেপি সভাপতি জে পি নাড্ডাৰ প্ৰতিমূৰ্তি দাহ

নগাঁৱত বৃহস্পতিবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন কাৰ্যকৰীকৰণ কৰিবলৈ সুযোগ দিয়া নহ'ব বুলি জেপি নাড্ডাৰ প্ৰতিকৃতি দাহ কৰি হুংকাৰ প্ৰদান কৰাৰ লগতে জংগী আন্দোলন গঢ়ি তোলাৰো ভাবুকি প্ৰদান কৰে ।

উল্লেখ্যযোগ্য যে , সংসদত গৃহীত হোৱাৰ পিছত 'কা' সন্দৰ্ভত অধিসূচনা জাৰি কৰা হৈছিল যদিও বিধি প্ৰণয়ন নোহোৱাৰ বাবে কাৰ্যকৰী হোৱা নাছিল ।

লগতে পঢ়কঃ আপোনাৰ এধানি সহাৰিয়ে হাঁহি বিৰিঙাব কান্তেশ্বৰ সোণোৱালৰ মুখত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.