ETV Bharat / state

পোনপটীয়াকৈ ৰাজনীতিত জড়িত নহয় অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ

পোনপটীয়া ৰাজনীতিত জড়িত নহয় অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ । এ আই ইউ ডি এফক সাম্প্ৰদায়িক দল আখ্যা যুৱ ছাত্ৰ পৰিষদৰ । কংগ্ৰেছ, এ আই ইউ ডি এফ, বিজেপি, এজিপিয়ে সমাধান কৰিব পৰা নাই অসমৰ জাতীয় সমস্যা । কা আন্দোলনৰ নেতা নাছিল যতীন, সীমান্ত শেখৰহঁত । কা আন্দোলনৰ কোনো নেতাই যোগদান কৰা নাই বিজেপিত । নগাঁৱত মন্তব্য অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাইৰ ।

AJYCP never directly involve in politics

author img

By

Published : Sep 1, 2020, 10:33 PM IST

নগাঁও, 1 ছেপ্টেম্বৰ : অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ পোনপটীয়া ৰাজনীতিত জড়িত নহয় । অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ এটা অৰাজনৈতিক সংগঠন । কা আন্দোলনৰ সময়ত অসমৰ ৰাইজে বিচাৰিছিল তৃতীয় শক্তি । যাৰ বাবে সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে আলোচনা মৰ্মে গঠন কৰা পৰামৰ্শদাতা সমিতিৰ পৰামৰ্শমতেহে সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে আগবাঢ়িব এ জে ৱাই চি পি । এ আই ইউ ডি এফ দলক এটা সাম্প্ৰদায়িক দল আখ্যা দি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতা পলাশ চাংমাইৰ মন্তব্য । কংগ্ৰেছ, এ আই ইউ ডি এফ, বিজেপি এজিপি কোনো এটা ৰাজনৈতিক দলে অসমৰ মৌলিক আৰু জাতীয় সমস্যা সমাধান কৰিব পৰা নাই ।

পোনপটীয়াকৈ ৰাজনীতিত জড়িত নহয় অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ

ইপিনে কা আন্দোলনত জড়িত গায়ক, গায়িকা, অভিনেতাৰ বিজেপিত যোগদান সন্দৰ্ভতো মন্তব্য কৰে পলাশ চাংমাইয়ে । কা আন্দোলনৰ কোনো নেতাই যোগদান কৰা নাই বিজেপিত । যতীন বৰা, সীমান্ত শেখৰহতে নেতৃত্ব দিয়া নাছিল কা আন্দোলনৰ । কা আন্দোলনত হাজাৰ হাজাৰ লোকৰ অংশগ্ৰহণ কৰা দেখি কেৱল অংশগ্ৰহণ কৰিছিল যতীন বৰা, সীমান্ত শেখৰৰ দৰে গায়ক-অভিনেতাই । তেওঁলোক পূৰ্বৰ পৰাই বিজেপিত আছিল এতিয়াও বিজেপিত । তেওঁলোকে বিজেপিৰ হৈয়েই কাম কৰি আছিল ।

কা আন্দোলনৰ কোনো নেতাই যোগদান কৰা নাই বিজেপিত

কা আন্দোলনৰ নেতৃত্ব দিয়া জুবিন গাৰ্গ, মানস ৰবীন , ৰবি শৰ্মা, প্ৰস্তুতি পৰাশৰ দৰে শিল্পী এতিয়াও কা বিৰোধী স্থিতিত অটল । কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা-কৰ্মীয়ে বিজেপিত যোগদান কৰা সন্দৰ্ভতো মন্তব্য কৰিলে পলাশ চাংমাইয়ে । বিজেপিত যোগদান কৰাসকল শেহতীয়াকৈ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সৈতে জড়িত নাছিল । বিজেপিয়ে ইয়াক লৈ এখন নাটক ৰচনা কৰিছে বুলি মত ব্যক্ত কৰে পলাশ চাংমাইয়ে ।

লগতে পঢ়ক : কালদিয়াৰ খহনীয়াই খেদিছে পশা কেতেকীবাৰী গাঁৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.