ETV Bharat / state

Ek Asom Yatra : ছিণ্ডিকেট, কমিচনৰাজ ধৰা পৰিছে জনতাৰ ছেটেলাইটত: লুৰীণজ্যোতি গগৈ - অসম জাতীয় পৰিষদ

অসমীয়া জাতি, ভেঁটি আৰু সম্প্ৰীতিক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যেই অসম জাতীয় পৰিষদৰ উদ্যোগত আৰম্ভ কৰা হৈছে এক অসম যাত্ৰা ৷ বিজেপিৰ ছিণ্ডিকেট, কমিচনৰাজ এতিয়া ধৰা পৰিছে জনতাৰ ছেটেলাইটত ৷ নগাঁৱত এক অসম যাত্ৰাত এই মন্তব্য দলৰ সভাপতি লুৰীণজ্যোতি গগৈৰ ৷

AJP President Lurinjyoti Gogoi Criticizes BJP Govt
নগাঁৱত এক অসম যাত্ৰা
author img

By ETV Bharat Assamese Team

Published : Sep 30, 2023, 5:28 PM IST

নগাঁৱত লুৰীণজ্যোতি গগৈ

নগাঁও, 30 ছেপ্টেম্বৰ : "শাসকীয় বিজেপি চৰকাৰৰ ছিণ্ডিকেট, কমিচনৰাজ আদি এতিয়া ধৰা পৰিছে জনতাৰ ছেটেলাইটত ৷ ছিণ্ডিকেট, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে এতিয়া অতিষ্ঠ কৰি তুলিছে সৰ্বসাধাৰণ জনতাক ৷ যাৰ বাবে অসমৰ সাতামপুৰুষীয়া সম্প্ৰীতি অটুট ৰাখি অসমীয়া জাতিৰ ভেঁটি শক্তিশালী কৰাৰ উদ্দেশ্যেৰে অসম জাতীয় পৰিষদে আৰম্ভ কৰা এক অসম যাত্ৰাত স্বতঃস্ফূৰ্তভাৱে সঁহাৰি জনাইছে অসমৰ জনতাই।" নগাঁৱত অসম জাতীয় পৰিষদৰ এক অসম যাত্ৰাত অংশগ্ৰহণ কৰি এইদৰে মন্তব্য কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ৷

অসম জাতীয় পৰিষদৰ এক অসম যাত্ৰাক মন্ত্ৰী পীযুষ হাজৰীকাই ছেটেলাইট যাত্ৰা বুলি কোৱাটো দুৰ্ভাগ্যজনক বুলিও মন্তব্য কৰি মন্ত্ৰী পীযুষ হাজৰিকাক কটাক্ষ কৰে লুৰীণজ্যোতি গগৈয়ে ৷ পীযুষ হাজৰীকাৰ ওপৰত ৰাইজৰ ছেটেলাইট আছে, তেওঁ কি কৰিছে কি নাই কৰা ৰাইজে চাই আছে ৷ তেওঁৰ গৃহ জিলাত বৰ্তমানেও বাট-পথৰ অৱস্থা বেয়া বুলি মন্তব্য কৰে অজাপৰ সভাপতিজনে ৷

প্ৰথমে কয়লা ছিণ্ডিকেট বন্ধ কৰিবলৈয়ো আহ্বান জনায় লুৰীণজ্যোতি গগৈয়ে ৷ অসম জাতীয় পৰিষদৰ এই পদযাত্ৰাৰ জৰিয়তে ৰাইজৰ মনৰ কথা আৰু সুখ-দুখ জানিব বিচৰা বুলিও মন্তব্য কৰে লুৰীণজ্যোতি গগৈয়ে ৷

আগন্তুক লোকসভা নিৰ্বাচনত কেৱল অসমৰ পৰাই নহয় সমগ্ৰ ভাৰততেই বিজেপি পৰাস্ত হ’ব বুলি মন্তব্য কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে। শনিবাৰে পুৱাই গুৰুজনাৰ পৱিত্ৰ জনস্থান বটদ্ৰৱা থানত উপস্থিত হৈ সেৱা জনাই পদযাত্ৰাত অংশগ্ৰহণ কৰে অসম জাতীয় পৰিষদৰ নেতৃত্বই ৷ পদযাত্ৰাত অংশ গ্ৰহণ কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ, জগদীশ ভূঞা, চমচেৰ সিং আৰু প্ৰায় দুই শতাধিক লোকে ৷

উল্লেখ্য যে, ধুবুৰীৰ পৰা আৰম্ভ কৰা অসম জাতীয় পৰিষদৰ এক অসম যাত্ৰা শনিবাৰে উপস্থিত হয় নগাঁৱত ৷ অজাপৰ এই যাত্ৰাত শতাধিক লোকে অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক : Akhil Gogoi: 2024ৰ লোকসভা নিৰ্বাচনত বিজেপিৰ সকলো দম্ভ, অহংকাৰ শেষ হ’ব; অখিল গগৈ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.