ETV Bharat / state

অগপৰ তিনি মন্ত্ৰীৰ পদত্যাগৰ দাবী অগপ তৃণমূল কৰ্মীৰ

author img

By

Published : Dec 14, 2019, 11:24 PM IST

অগপ কাৰ্যালয়তেই মন্ত্ৰী কেশৱ,অতুল,ফণীভূষণ মূর্দাবাদ ধ্বনি । অগপ নগাঁও জিলা কাৰ্যালয়ত অগপ নেতৃত্বৰ পদত্যাগ দাবীত জনসভা । জনসভাত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত। নাগৰিকত্ব সংশোধনী আইনে অসমত সংখ্যালঘুত পৰিণত কৰিব অসমীয়াক। অগপ নেতৃত্বক দুমুখীয়া সাপ আখ্যা দিলে জ্যেষ্ঠ অগপ নেতা গিৰিন্দ্ৰ কুমাৰ বৰুৱাই ।

অগপ
অগপ তিনি মন্ত্ৰীৰ পদত্যাগৰ দাবী অগপ তৃণমূল কৰ্মীৰ

নগাঁও,14 ডিচেম্বৰঃ অগপ কার্যলয়তে অগপ মন্ত্ৰীৰ মুর্দাবাদ ধ্বনি। দাবী উঠিল তিনি মন্ত্ৰীৰ পদত্যাগৰ। অগপ নেতৃত্বক দুমুখীয়া সাপ আখ্যা। নাগৰিকত্ব সংশোধনী আইনক সমৰ্থন কৰি এতিয়া তৃণমূল কৰ্মীৰ ৰোষত অগপ নেতৃত্ব ৷ অগপ নেতৃত্বৰ বিৰুদ্ধে তীব্ৰ বিষেদগাৰ আঞ্চলিক দলটোৰ নগাঁও জিলা সমিতিৰ। কেন্দ্ৰীয় নেতৃত্বৰ পদত্যাগৰ দাবীত শনিবাৰে নগাঁও জিলা অগপ কাৰ্যালয়ত অনুষ্ঠিত হয় জনসভা। এই জনসভাতে অগপ তিনি মন্ত্ৰী কেশৱ মহন্ত,অতুল বৰা আৰু ফণীভুষণ চৌধুৰী মুর্দাবাদ ধ্বনি দিয়ে। দলটোৰ তিনি মন্ত্ৰীৰ লগতে একমাত্ৰ ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যক দুমুখীয়া সাপ আখ্যা দিয়ে কেন্দ্ৰীয় নেতৃত্বৰ বিৰুদ্ধে উদাত্ত ভাষণ প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অগপ নেতা গিৰিন্দ্ৰ কুমাৰ বৰুৱাৰ। নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অসম জ্বলি থকা সময়ত আঞ্চলিক দলৰ তিনি মন্ত্ৰী দিল্লীৰ অসম ভৱনত লাস-বিলাসত মত্ত থকা বুলি মত ব্যক্ত কৰে। নাগৰিত্ব সংশোধনী আইন বাতিলৰ লগতে কেন্দ্ৰীয় নেতৃত্বই পদত্যাগ কৰিবই লাগিব বুলি দাবী উত্থাপন কৰে।

অগপ তিনি মন্ত্ৰীৰ পদত্যাগৰ দাবী অগপ তৃণমূল কৰ্মীৰ

তাৰোপৰি,নাগৰিকত্ব সংশোধনী আইনে অসমতে অসমীয়াক সংখ্যলঘুত পৰিণত কৰিব বুলিও মন্তব্য কৰি এই আইনে অসমীয়া ভাষা,সংস্কৃতি ধ্বংস কৰাৰ লগতে এই আইনে অসম চুক্তিক উলংগা কৰা বুলিও উল্লেখ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই । ছাত্ৰ সন্থাকে ধৰি বিভিন্ন গোটে ইতিমধ্যে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ কথাও উল্লেখ কৰি উচ্চতম ন্যায়ালয়ৰ পৰা অসমৰ ৰাইজে ন্যায় পাব বুলি আশাবাদী প্ৰফুল্ল কুমাৰ মহন্ত।

জনসভাত অগপ তিনি মন্ত্ৰীৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে দলটোৰ তৃণমূল কৰ্মীয়ে। সভাত নাগৰিকত্ব আইন সমৰ্থন কৰা অগপ নেতৃত্বক কাপুৰুষৰ আখ্যা দিয়াৰ লগতে কেবাটাও প্ৰস্তাৱ গ্ৰহণ কৰে।

Intro:অগপ কাৰ্যালয়তেই মন্ত্ৰী কেশৱ, অতুল, ফণীভুষন মূর্দাবাদ ধ্বনি। অগপ নগাওঁ জিলা কাৰ্য্যালয়ত অগপ নেতৃত্বৰ পদত্যাগ দাবীত জনসভা। জনসভাত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত। নাগৰিকত্ব সংশোধনী আইনে অসমত সংখ্যালঘুত পৰিণত কৰিব অসমীয়াক। অগপ নেতৃত্বক দুমুখীয়া সাপ আখ্যা দিলে জ্যেষ্ঠ অগপ নেতা গিৰিন্দ্ৰ কুমাৰ বৰুৱাই।

Body:অগপ কার্যলয়তে অগপ মন্ত্ৰী মূর্দাবাদ ধ্বনি।
দাবী উঠিল তিনি মন্ত্ৰীৰ পদত্যাগৰ।
অগপ নেতৃত্বক দুমুখীয়া সাপ আখ্যা।
নাগৰিকত্ব সংশোধনী আইনক সমৰ্থন কৰি এতিয়া তৃণমূল কৰ্মীৰ ৰোষত অগপ নেতৃত্ব। অগপ নেতৃত্বৰ বিৰুদ্ধে তীব্ৰ বিষোদগাৰ আঞ্চলিক দলটোৰ নগাওঁ জিলা সমিতিৰ। কেন্দ্ৰীয় নেতৃত্বৰ পদত্যাগৰ দাবীত শনিবাৰে নগাওঁ জিলা অগপ কাৰ্য্যালয়ত অনুষ্ঠিত হয় জনসভা। এই জনসভাতে অগপ তিনি মন্ত্ৰী কেশৱ মহন্ত , অতুল বৰা আৰু ফণীভুষণ চৌধুৰী মূর্দাবাদ ধ্বনি। দলটোৰ তিনি মন্ত্ৰীৰ লগতে একমাত্ৰ ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যক দুমুখীয়া সাপ আখ্যা দি কেন্দ্ৰীয় নেতৃত্বৰ বিৰুদ্ধে উদাত্ত ভাষণ প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অগপ নেতা গিৰিন্দ্ৰ কুমাৰ বৰুৱাৰ। নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অসম জ্বলি থকা সময়ত দিল্লীৰ অসমভৱনত লাস বিলাসত মত্ত আঞ্চলিক দলৰ তিনি মন্ত্ৰী। নাগৰিত্ব সংশোধনী আইন বাতিলৰ লগতে কেন্দ্ৰীয় নেতৃত্বই পদত্যাগ কৰিবই লাগিব বুলি দাবী উত্থাপন কৰে।
bite- ভাষণ আৰু bite

Conclusion:জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনে অসমতে অসমীয়াক সংখ্যলঘুত পৰিণত কৰিব বুলিও মন্তব্য কৰি এই আইনে অসমীয়া ভাষা, সংস্কৃতি ধ্বংস কৰাৰ লগতে এই আইনে অসম চুক্তিক উলংগা কৰা বুলিও উল্লেখ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই । ছাত্ৰ সন্থাকে ধৰি বিভিন্ন গোটে ইতিমধ্যে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ কথাও উল্লেখ কৰি উচ্চতম ন্যায়ালয়ৰ পৰা অসমৰ ৰাইজে ন্যায় পাব বুলি আশাবাদী প্ৰফুল্ল কুমাৰ মহন্ত।
bite- pk মহন্ত
জনসভাত অগপ তিনি মন্ত্ৰীৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে দলটোৰ তৃণমূল কৰ্মীয়ে। সভাত নাগৰিকত্ব আইন সমৰ্থন কৰা অগপ নেতৃত্বক কাপুৰুষালি আখ্যা দিয়াৰ লগতে কেবাটাও প্ৰস্তাৱ গ্ৰহণ কৰে।
------------------------------------------------------------
নগাঁৱৰ পৰা ৰকিবুল ওৱাহিদ, ই টি ভি ভাৰত অসম
১৪-১২-১৯
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.