মৰিগাঁও, 19 জানুৱাৰী : ধিং সমষ্টিৰ অন্তৰ্গত মৈৰাবাৰীত 'অসম জাতীয় পৰিষদ'ৰ সভা ৷ প্ৰায় 90 শতাংশ ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ ভোটাৰ থকা ধিং বিধানসভা সমষ্টিৰ ৰাজনৈতিক প্ৰাণকেন্দ্ৰ মৈৰাবাৰী ইন্দ্ৰিৰা খেল পথাৰত মঙলবাৰে নৱগঠিত 'অসম জাতীয় পৰিষদ'ৰ গণ সমাবেশ আৰু যোগদান সমাৰোহ অনুষ্ঠিত হয় ।
![ajp-exutive-meeting-at-nagaon-dhing](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-dhing-01-19-jan-meeting-asc10013_19012021163332_1901f_1611054212_166.jpg)
হেজাৰ হেজাৰ সংখ্যালঘু ৰাইজে অংশগ্ৰহণ কৰা সভাত অজাপৰ সভাপতি লুৰিণ জ্যোতি গগৈয়ে কয় যে, 2021 চনত একমাত্ৰ জাতীয়তাবাদী চৰকাৰ গঠন হ'ব । সাম্প্ৰদায়িকতা আৰু হিন্দু-মুছলমানৰ ৰাজনীতি শেষ কৰি সমাজখনক নতুন বাটেৰে আগুৱাই নিবলৈ আমি ৰাইজৰ আৰ্শীবাদ বিচাৰিছো । বৰ্তমান অসমৰ জনসাধাৰণে ভাষা-সংস্কৃতি হেৰুওৱাৰ উপক্ৰম হৈছে ।
সাম্প্ৰদায়িক বিষবাষ্প সিচি অসমীয়া জাতীৰ মেৰুদণ্ড ভাঙি জাতিটোক পুংগু কৰাৰ ষড়যন্ত্ৰ চলিছে । গতিকে, শ্ৰীমন্ত শংকৰদেৱে দেখুৱাই যোৱা সমন্বয়নৰ আদৰ্শ অসমৰ মানুহৰ বাবে শক্তি হওঁক, সাহস হওঁক আমি সকলোৱে মিলি বিজেপিৰ নিচিনা সাম্প্ৰদায়িকতা দলক ওফৰাই দিব লাগিব ।
![ajp-exutive-meeting-at-nagaon-dhing](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-dhing-01-19-jan-meeting-asc10013_19012021163332_1901f_1611054212_1033.jpg)
লগতে পঢ়ক : দেৰগাঁৱত ১৮ লাখ টকাৰ জাল নোটসহ দুজনক গ্ৰেপ্তাৰ
ধিং সমষ্টি কমিটীৰ মৈৰাবাৰী অভ্যৰ্থনা কমিটীৰ উদ্যোগত আয়োজিত বিশাল গণ সমাবেশত ধিং সমষ্টিবাসী ৰাইজে দেখুওৱা মৰমৰ প্ৰতি আপ্লুত হৈ তেওঁ পুনৰ কয় যে, অজাপই ক্ষমতাৰ লোভত ৰাজনীতি কৰা নাই । আপোচবিহীন স্বাভিমানী জাতিসত্বা প্ৰতিষ্ঠা কৰাৰ বাবে ৰাজনীতি কৰিছে আৰু 'অসম জাতীয় পৰিষদে' তাৰ বাবেই যাত্ৰা আৰম্ভ কৰিছে আৰু এই যাত্ৰাত জাতীয়তাবাদী ভাৱ ধাৰাৰ সকলোৱে চামিল হোৱাৰ বাবে আহ্বান জনায় ।
তেওঁ আৰু কয় যে, 1971 চনৰ 25 মাৰ্চ পিচত অহা হিন্দু-মুছলমান কোনো বিদেশীৰ বোজা লবলৈ আমি প্ৰস্তুত নহয় । আমাৰ চৰকাৰ হলে 'কা' বাতিল কৰিব বুলিও প্ৰতিশ্ৰুতি প্ৰদান কৰে । তেওঁ আৰু কয় যে, অসমৰ মাটিৰ পৰা বিজেপি, কংগ্ৰেছ আৰু এ আই ইউ ডি এফ উৎখাত কৰিব বুলি মন্তব্য লুৰিণ জ্যোতি গগৈৰ ।
লগতে পঢ়ক : গাব্বাৰ ঐতিহাসিক বিজয়: ICC টেষ্ট দলৰ তালিকাত দ্বিতীয় স্থানলৈ উন্নীত ভাৰত