ETV Bharat / state

সমাজ কল্যাণ বিভাগে মুকলি কৰিলে ‘ই-নিৰীক্ষণ’ নামৰ ৱেব পৰ্টেল - সমাজ কল্যাণ সঞ্চালকালয়

সমাজ কল্যাণ বিভাগত (social welfare department) সংস্কাৰ সাধনৰ বাবে বিভাগীয় মন্ত্ৰী অজন্তা নেওগে (Ajanta Neog) সোমবাৰে মুকলি কৰিলে নতুন ৱেব পৰ্টেল ‘ই নিৰীক্ষণ’ (E-nirikshyan) ৷ এই নতুন পৰ্টেলৰ সংযোজনে বিভাগটোৰ কাৰ্য ব্যৱস্থাক পূৰ্বতকৈ অধিক সুচাৰুৰূপে সম্পন্ন কৰাত সহায়ক হ'ব বুলি আশাবাদী মন্ত্ৰী অজন্তা নেওগ ।

as_ngn_01_3agst_portal_for_social_walfare_image_7203829
সমাজ কল্যাণ বিভাগে মুকলি কৰিলে ‘ই-নিৰীক্ষণ’ নামৰ ৱেব পৰ্টেল
author img

By

Published : Aug 3, 2021, 8:06 AM IST

নগাঁও, 3 আগষ্ট : সমাজ কল্যাণ বিভাগত (social welfare department) সংস্কাৰ সাধান আৰু ইয়াৰ কাম-কাজ নিৰীক্ষণৰ বাবে নতুন পদক্ষেপ গ্ৰহণ কৰিলে বিভাগীয় মন্ত্ৰী অজন্তা নেওগে ৷ সোমবাৰে ‘ই-নিৰীক্ষণ’ (E-nirikshyan) নামৰ এক ৱেব পৰ্টেল মুকলি কৰে সমাজ কল্যাণ মন্ত্ৰী অজন্তা নেওগে (Ajanta Neog) ৷ এতিয়াৰেপৰা সমাজ কল্যাণ বিভাগৰ বদলিকৰণ, নতুন নিযুক্তি, অৱসৰ ইত্যাদি সকলো তথ্য এই পৰ্টেলত উপলব্ধ হ'ব ৷

ইয়াৰ উপৰিও কাৰ্যালয়ৰ কৰ্মী, সহায়ক আৰু তেওঁলোকৰ প্ৰগতিৰ মাহিলী প্ৰতিবেদনৰ লগতে অংগনবাড়ী কেন্দ্ৰ আৰু বেচৰকাৰী সংস্থাৰ বিভিন্ন কামৰ প্ৰতিবেদনো পৰ্টেলটোত নিয়মিতভাৱে প্ৰকাশিত হ’ব ৷ পূৰ্বতে এনে বৃহৎ পৰিসৰত কাম-কাজ পৰ্যবেক্ষণ কৰাৰ কোনো সু-সংগঠিত ব্যৱস্থা নথকাত বিভিন্ন অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছিল বিভাগটো ৷ এই নতুন পৰ্টেলৰ সংযোজনে কাৰ্য ব্যৱস্থাক পূৰ্বতকৈ অধিক সুচাৰুৰূপে সম্পন্ন কৰাত সহায়ক হ'ব বুলি আশাবাদী মন্ত্ৰী অজন্তা নেওগ ।

একেদিনাই মন্ত্ৰী অজন্তা নেওগে সমাজ কল্যাণ সঞ্চালকালয়ত এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠকতো অংশগ্ৰহণ কৰে ৷ এই বৈঠকতে বিভাগটোৰ বিভিন্ন কাম-কাজৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক-পুষ্টিকৰ খাদ্যৰ নামত সমাজ কল্যাণ বিভাগৰ পচা চাউল

ইয়াৰ উপৰিও নতুনকৈ স্থাপন হ'বলগীয়া আদৰ্শ অংগনবাড়ী কেন্দ্ৰসমূহৰ লগতে পুৰণি অংগনবাড়ী কেন্দ্ৰসমূহত বিশুদ্ধ খোৱাপানী আৰু বিদ্যুৎ সংযোগৰ সু-ব্যৱস্থাৰ বিষয়েও বৈঠকত আলোচনা কৰা হয় । শিশু, মহিলা, দিব্যাংগ আৰু বয়োজ্যেষ্ঠসকলে যাতে সমাজ কল্যাণ বিভাগৰ সকলো আঁ‌চনিৰ সুবিধা লাভ কৰিব পাৰে তাৰ বাবে বিভাগীয় কৰ্তৃপক্ষক চোকা দৃষ্টি ৰাখিবলৈ নিৰ্দেশ প্ৰদান কৰে মন্ত্ৰী অজন্তা নেওগে ৷ ইয়াৰ উপৰিও প্ৰসূতি মাতৃ আৰু নৱজাতক শিশুৰ মৃত্যুৰ হাৰ হ্ৰাস কৰিবলৈ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰি অতিশীঘ্ৰে কাৰ্যক্ষম কৰাৰ নিৰ্দেশ প্ৰদান কৰে ৷

বিভাগীয় আঁ‌চনিসমূহৰ বিষয়ে স্থানীয় সাংসদ আৰু বিধায়কসকলক নিয়মীয়াকৈ অৱগত কৰিবলৈ এক সজাগতামূলক কাৰ্যপন্থা হাতত ল'বলৈয়ো নিৰ্দেশ প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে ৷ অনাগত দিনত বিভাগটোক আৰু অধিক সক্ৰিয় আৰু কাৰ্যক্ষম কৰাৰ উদ্দেশ্যে বিভাগীয় কৰ্তৃপক্ষক নিৰ্দিষ্ট ৰ'ডমেপ তৈয়াৰ কৰাৰ নিৰ্দেশ মন্ত্ৰী অজন্তা নেওগৰ ৷ সোমবাৰৰ এই বৈঠকত সমাজ কল্যাণ সঞ্চালকালয়ৰ সঞ্চালক শ্ৰী বিভাষ কুমাৰ মোদী, মুখ্য সচিব শ্ৰী মুকেশ চন্দ্ৰ চাহু, কমিশ্বনাৰ অব্ ডিজেবিলিটিছ শ্ৰী দেৱেশ্বৰ বৰা, বিভাগীয় সচিব শ্ৰী পাৰ্থ প্ৰতিম মজুমদাৰৰ লগতে বিভাগৰ অন্যান্য শীৰ্ষস্থানীয় বিষয়াসকল উপস্থিত আছিল ৷

লগতে পঢ়ক-কৰিমগঞ্জত নগৰ উন্নয়ন মন্ত্ৰী অশোক সিংঘাল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.