ETV Bharat / state

Moumita Kali PC: নগাঁৱৰ ৰাজীৱ ভৱনত সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ মুখপাত্ৰ মৌমিতা কালীৰ সংবাদমেল - ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ

নগাঁৱত সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ মুখপাত্ৰ মৌমিতা কালীৰ সংবাদমেলত ৷ নগাঁৱৰ ৰাজীৱ ভৱনত ‘‘য়ং ইণ্ডিয়া কে ব’ল’’ নামৰ অনুষ্ঠানটোৰ প’ষ্টাৰ মুকলি কৰে কংগ্ৰেছৰ মুখপাত্ৰগৰাকীয়ে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকো সমালোচনা মৌমিতা কালীৰ (Congress spokesperson Moumita Kali)৷

Moumita Kali PC
নগাঁৱৰ ৰাজীৱ ভৱনত সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ মুখপাত্ৰ মৌমিতা কালীৰ সংবাদমেল
author img

By

Published : Apr 3, 2023, 8:09 PM IST

নগাঁৱৰ ৰাজীৱ ভৱনত সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ মুখপাত্ৰ মৌমিতা কালীৰ সংবাদমেল

নগাঁও, 3 এপ্ৰিল: নগাঁও ৰাজীৱ ভৱনত সোমবাৰে এক সংবাদমেল সম্বোধন কৰে সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ মুখপাত্ৰ মৌমিতা কালীয়ে (Congress spokesperson Moumita Kali) ৷ সৰ্বভাৰতীয় পৰ্যায়ত যুৱ কংগ্ৰেছৰ এক বিশেষ অনুষ্ঠান য়ং ইণ্ডিয়া কে ব’ল (Young India ke bol) সফল কৰাৰ উদ্দেশ্যে অসমত উপস্থিত হৈ ব্যাপক তৎপৰতা অব্যাহত ৰাখিছে যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰগৰাকীয়ে ৷

এই উপলক্ষে নগাঁও ৰাজীৱ ভৱনত অনুষ্ঠানৰ প’ষ্টাৰ মুকলি কৰে যুৱ কংগ্ৰেছৰ মুখপাত্ৰগৰাকীয়ে ৷ লগতে সংবাদমেল সম্বোধন কৰি অনুষ্ঠানৰ বিষয়ে উল্লেখ কৰাৰ লগতে শাসকীয় বিজেপি চৰকাৰক কটাক্ষ কৰে যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে ৷ চাহ বিক্ৰী কৰি শাসনৰ দায়িত্ব লোৱা দেশৰ প্ৰধানমন্ত্ৰীয়েই চাহ শ্ৰমিকক কোনো বিশেষ সুবিধা প্ৰদান নকৰা বুলি মন্তব্য কৰে যুৱ কংগ্ৰেছৰ নেত্ৰীগৰাকীয়ে (Moumita Kali slams PM) ৷

নিজকে চকীদাৰ বুলি দাবী কৰা প্ৰধানমন্ত্ৰীৰ দিনতে কেৱল আদানী, আম্বানীৰ দৰে ব্যক্তি লাভবান হোৱা বুলিও মন্তব্য কৰি মন কি বাত শুনাৰ বিপৰীতে যুৱ শক্তিৰ কথা শুনিবলৈ আহ্বান জনায় যুৱ কংগ্ৰেছৰ নেত্ৰীগৰাকীয়ে ৷ আনকি নিজকে ফকীৰ বুলি দাবী কৰা প্ৰধানমন্ত্ৰীয়ে দহ লাখ টকীয়া ছুট পৰিধান কৰা বুলিও কটাক্ষ কৰে যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰগৰাকীয়ে (PM Modi criticized by congress) ৷

কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ (Disqualification of Rahul Gandhi) কৰা প্ৰসংগও উল্লেখ কৰি শাসকীয় বিজেপি চৰকাৰৰ সমালোচনাত মুখৰ হৈ পৰে যুৱ কংগ্ৰেছৰ নেতৃগৰাকী ৷ শেহতীয়াকৈ দামবৃদ্ধি, নাৰী সুৰক্ষা, গণতন্ত্ৰ সুৰক্ষাৰ বাবে যুৱ কংগ্ৰেছে যুঁজ আৰম্ভ কৰা বুলিও সংবাদমেলত উল্লেখ কৰে যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেত্ৰীগৰাকীয়ে ৷

নগাঁও ৰাজীৱ ভৱনত আয়োজিত সংবাদমেলত কংগ্ৰেছ নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, বিধায়ক নুৰুল হুদা, জিলা কংগ্ৰেছৰ সভাপতি সুৰেশ বৰাৰ লগতে নগাঁও জিলা যুৱ কংগ্ৰেছৰ নেতাসকলো উপস্থিত থাকে ৷

লগতে পঢ়ক: ULFA I letter to Sikhs For Justice: মুখ্যমন্ত্ৰীলৈ খালিস্তানী সংগঠনৰ ভাবুকি; ‘শিখ ফ’ৰ জাষ্টিছ’লৈ পৰেশ বৰুৱাৰ পত্ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.