ETV Bharat / state

বটদ্ৰৱাত নামতীৰ ৰূপত বিধায়িকা আঙুৰলতা ডেকা

author img

By

Published : Feb 2, 2020, 9:03 PM IST

দেওবাৰে বটদ্ৰৱাত নামতীৰ ৰূপত দেখা গ'ল বিধায়িকা আঙুৰলতা ডেকাক ৷ ৰাজ্যজুৰি অনুষ্ঠিত বিজেপি দলৰ "আইদেউ বুলনি" অনুষ্ঠানত দিহা নাম প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰিবলৈ গৈ নাম পৰিৱেশন কৰে বিধায়িকা গৰাকীয়ে ৷

বটদ্ৰবা
বটদ্ৰবাত নামতী ৰূপত বিধায়িকা আঙুৰলতা ডেকা

বটদ্ৰৱা, 2 ফেব্ৰুৱাৰীঃ এইবাৰ নামতী ৰূপত বিধায়িকা আঙুৰলতা ডেকা ৷ গালে সমবেত সঙ্গীতো । এগৰাকী জনপ্ৰতিনিধিক বিভিন্ন সময়ত ভিন্ন ৰূপত দেখিবলৈ পোৱা যায় ৷ সমষ্টিবাসী ৰাইজৰ মন মুগ্ধ কৰিবলৈ যিকোনো কাম কৰিব পাৰে জনপ্ৰতিনিধি গৰাকীয়ে । কেতিয়াবা যদি গাড়ী চলাই কেতিয়াবা আকৌ পথাৰত নামি কাটে ধান বিধায়িকা গৰাকীয়ে । মুঠৰ ওপৰত সমষ্টিবাসীৰ মন জয় কৰিবলৈ সকলো কামতে আগভাগ লয় আঙুৰলতা ডেকাই ।

বটদ্ৰবা
বটদ্ৰবাত নামতী ৰূপত বিধায়িকা আঙুৰলতা ডেকা
বটদ্ৰৱাত নামতী ৰূপত বিধায়িকা আঙুৰলতা ডেকা

দেওবাৰেও ব্যতিক্ৰম ন'হল বিধায়িকাগৰাকী । সমগ্ৰ ৰাজ্যৰ লগতে বটদ্ৰৱা সমষ্টিতো অনুষ্ঠিত হৈছে বিজেপি দলৰ "আইদেউ বুলনি" অনুষ্ঠান । দেওবাৰে সমষ্টিটোৰ বিজেপি দলৰ দলংঘাট মণ্ডল আৰু ধিং টাউন মণ্ডলত পৃথকে পৃথকে অনুষ্ঠিত হৈছে মহিলা সকলৰ মাজত দিহা নাম প্ৰতিযোগিতা । "আইদেউ বুলনি" অনুষ্ঠানত দিহা নাম প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰিবলৈ গৈ মহিলা সকলৰ লগত সমবেত সংগীত আৰু নাম পৰিৱেশন কৰে বিধায়িকা আঙুৰলতা ডেকাই । বিধায়িকা গৰাকীৰ এনেদৰে অনুষ্ঠানত অংশগ্ৰহণ কৰাত উপস্থিত প্ৰতিযোগী সকলৰ লগতে উৎফুল্লিত হৈ পৰে উপস্থিত ৰাইজ ।

আৰু পঢ়কঃ মোডী চৰকাৰ বৰ্তমান ভাষনত হে আছে, কামত নাইঃ দুৰ্গা ভূমিজ

Intro:এইবাৰ নামতি ৰূপত বিধায়িকা আঙুৰলতা ডেকা । গালে সমবেত সঙ্গীতো।Body:এগৰাকী জনপ্ৰতিনিধি যি গৰাকী জনপ্ৰতিনিধিক বিভিন্ন সময়ত বিভিন্ন ৰূপত দেখিবলৈ পোৱা যায় ।যাৰ আন এটা নাম অভিনেত্রী আঙুৰলতা ডেকা অৰ্থাৎ আৰ পি ।কাৰণ সমষ্টিবাসী ৰাইজৰ মন মুগ্ধ কৰিবলৈ কৰিব পাৰে জনপ্ৰতিনিধি গৰাকীয়ে যিকোনো কাম । হয় আমি কব বিচাৰিছো বটদ্ৰবাৰ বিধায়িকা আঙুৰলতা ডেকাৰ কথাকে । কেতিয়াবা যদি গাড়ী চলাই কেতিয়াবা আকৌ পথাৰত নামি কাটে ধান । মুঠৰ ওপৰত সমষ্টি বাসীৰ মন জয় কৰিবলৈ কৰে যি কোনো কাম । দেওঁবাৰে ব্যতিক্ৰম নহল বিধায়িকা গৰাকী । এইবাৰ বিধায়িকা গৰাকীক দেখিবলৈ পোৱা গ'ল দিহা নামৰ নামতি ৰূপত । সমগ্ৰ ৰাজ্যৰ লগতে বটদ্ৰবা সমষ্টিতো অনুষ্ঠিত হৈছে বিজেপি দলৰ আইদেউ বুলনি অনুষ্ঠান । দেওঁবাৰে সমষ্টিটোৰ বিজেপি দলৰ দলংঘাট মণ্ডল আৰু ধিং টাউন মণ্ডলত পৃথকে পৃথকে অনুষ্ঠিত হৈছে মহিলা সকলৰ মাজত দিহা নাম প্ৰতিযোগিতা । আইদেউ বুলনি অনুষ্ঠানত দিহা নাম প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰিবলৈ আহি মহিলা সকলৰ লগত সমবেত সংগীত আৰু নাম পৰিবেশন কৰে বিধায়িকা আঙুৰলতা ডেকাই । মহিলা সকলক উৎসাহিত কৰিবলৈ এইদৰে সমবেত সঙ্গীত আৰু দিহা নাম পৰিবেশন কৰে আঙুৰলতাই । বিধায়িকা গৰাকীৰ এনেদৰে অনুষ্ঠানত অংশগ্ৰহণ কৰাত উপস্থিত প্ৰতিযোগী সকলৰ লগতে উপস্থিত ৰাইজ উৎফুল্লিত হৈ পৰে ।__________________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত অসম ।Conclusion:

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.