ETV Bharat / state

ৰাজ্যত স্থাপন হ'ব ২১ টা ভূমি পৰীক্ষণ কেন্দ্ৰ - কৃষি মন্ত্ৰী অতুল বৰা

নগাঁৱৰ শেনচোৱাত চৰকাৰৰ গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজিৰ অধীনত ভূমি পৰীক্ষণ কেন্দ্ৰৰ আধাৰশিলা স্থাপন ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰাৰ ৷ লগতে মন্ত্ৰীজনৰ ঘোষণা ৰাজ্যত স্থাপন কৰা হ'ব ২১ টাকৈ ভূমি পৰীক্ষণ কেন্দ্ৰ ৷

ৰাজ্যত স্থাপন হ'ব ২১ টা ভূমি পৰীক্ষণ কেন্দ্ৰ
author img

By

Published : Sep 7, 2019, 10:17 PM IST

Updated : Sep 7, 2019, 11:26 PM IST

নগাঁও, 7 ছেপ্তেম্বৰ : কৃষি ভূমিৰ গুণাগুণ নিৰূপনৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত স্থাপন হব ২১ টাকৈ মাটি পৰীক্ষা, মান নিয়ন্ত্ৰণ আৰু কৃষি সামগ্ৰী পৰীক্ষাগাৰ ভৱন ৷ শনিবাৰে নগাঁৱৰ শেনচোৱাত চৰকাৰৰ গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজিৰ অধীনত ভূমি পৰীক্ষণ কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰি এই ঘোষণা কৰে ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰাই । এই পদ্ধতিৰে মাটিৰ গুণাগুণ নিৰূপণ কৰি বৈজ্ঞানিক পদ্ধতিৰে শস্য উৎপাদনত কৃষক যথেষ্ট উপকৃত হ'ব বুলি দাবী কৰে কৃষি মন্ত্ৰীগৰাকীয়ে । অনুষ্ঠানত মন্ত্ৰী অতুল বৰাই বিভাগটোৰ একাংশ বিষয়া, কৰ্মচাৰীৰ লগত সু সম্পৰ্ক থকা কিছু নিৰ্দিষ্ট লোকে সুবিধা আদায় কৰি থকাৰ কথাও স্বীকাৰ কৰে । বিভাগৰ পাছৱৰ্ডৰ গোপনীয়তা ৰক্ষা নকৰাৰ অভিযোগতে মৰিগাঁৱৰ কৃষি বিষয়াক নিলম্বন কৰাৰ কথা উল্লেখ কৰি দুৰ্নীতিত জড়িত বিভাগটোৰ কোনো এজনক ৰেহাই দিয়া নহ'ব বুলি সকীয়নী দিয়ে মন্ত্ৰী অতুল বৰাই ৷ উল্লেখযোগ্য যে কৃষি বিভাগত অতি শীঘ্ৰেই ১০৬ গৰাকী এ ডি অ' নিযুক্তি দিয়াৰ কথাও উল্লেখ কৰে কৃষি মন্ত্ৰী অতুল বৰাই ।

Intro:ৰাজ্যত স্থাপন হব ২১ টা ভূমি পৰীক্ষণ কেন্দ্ৰ। নগাঁৱত ভূমি পৰীক্ষণ কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰি ঘোষণা মন্ত্ৰী অতুল বৰাৰ। কৃষি বিভাগত অচিৰেই নিযুক্তি দিব ১০৬ গৰাকী এ ডি অ। দুৰ্নীতিত জড়িত কোনো বিষয়া কৰ্মচাৰীয়ে নাপায় ৰেহাই। কৃষি বিভাগৰ বিষয়া, কৰ্মচাৰীলৈ মন্ত্ৰীৰ সকীয়নী।

Body:কৃষি ভূমিৰ গুণাগুণ নিৰূপনৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত স্থাপন হব ২১ টাকৈ মাটি পৰীক্ষা, মান নিয়ন্ত্ৰণ আৰু কৃষি সামগ্ৰী পৰীক্ষাগাৰ ভৱন। শনিবাৰে নগাঁৱৰ শেনচোৱাত চৰকাৰৰ গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজিৰ অধীনত মাটি পৰীক্ষা, মান নিয়ন্ত্ৰণ আৰু কৃষি সামগ্ৰী পৰীক্ষাগাৰ ভৱনৰ আধাৰশিলা স্থাপন কৰি এই ঘোষণা কৰে ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰাই। এই পদ্ধতিৰে মাটিৰ গুণাগুণ নিৰূপণ কৰিলে শস্য উৎপাদনত কৃষক যথেষ্ট উপকৃত হব বুলি দাবী কৰে কৃষি মন্ত্ৰীয়ে। ভাষণ মন্ত্ৰী অতুল বৰাই বিভাগটোৰ একাংশ বিষয়া, কৰ্মচাৰীৰে সু সম্পৰ্ক কৰা কিছু নিৰ্দিষ্ট লোকে সুবিধা আদায় কৰি থকাৰ কথাও স্বীকাৰ কৰে। বিভাগৰ পাছৱৰ্ডৰ গোপনীয়তা ৰক্ষা নকৰাৰ অভিযোগতে মৰিগাঁৱৰ কৃষি বিষয়াক নিলম্বন কৰাৰ কথা উল্লেখ কৰি দুৰ্নীতিত জড়িত বিভাগটোৰ কোনো এজনক ৰেহাই দিয়া নহব বুলিও সকীয়নী মন্ত্ৰী অতুল বৰাৰ। ইপিনে কৃষি বিভাগত অতি শীগ্ৰেই ১০৬ গৰাকী এ ডি অ নিযুক্তি দিয়াৰ কথাও উল্লেখ কৰে কৃষি মন্ত্ৰী অতুল বৰাই।
bite, অতুল বৰা
------------- -----------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
৭-৯-১৯

Conclusion:
Last Updated : Sep 7, 2019, 11:26 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.