ETV Bharat / state

অতীতক সুঁৱৰি আবেগিক হৈ পৰিল বৰ্ষীয়ান কৃৰ্তী শিক্ষক তীৰ্থ দেৱ শৰ্মা - বৰ্ষীয়ান কৃৰ্তী শিক্ষক তীৰ্থ দেৱ শৰ্মা

আজি সমগ্ৰ দেশৰ লগতে অসমতো উলহ-মালহেৰে পালন কৰা হৈছে শিক্ষক দিৱস (Teachers day celebrated in India) । মহান মনীষী, শিক্ষাবিদ, দাৰ্শনিক, পণ্ডিত, ৰাজনীতিবিদ সৰ্বেপল্লী ৰাধাকৃষ্ণনৰ জন্মদিন উপলক্ষে 5 ছেপ্টেম্বৰৰ দিনটোত সমগ্ৰ দেশে পালন কৰিছে শিক্ষক দিৱস (Birth anniversary of Radhakrishnan) ৷ শিক্ষক দিৱসৰ এই পবিত্ৰ দিনটোত অতীতক সুঁৱৰি আবেগিক হৈ পৰিল কলিয়াবৰৰ বৰ্ষীয়ান কৃৰ্তী শিক্ষক তীৰ্থ দেৱ শৰ্মাই ৷

Teachers Day 2022
অতীতক সুঁৱৰি আবেগিক হৈ পৰিল বৰ্ষীয়ান কৃৰ্তী শিক্ষক তীৰ্থ দেৱ শৰ্মা
author img

By

Published : Sep 5, 2022, 7:58 PM IST

কলিয়াবৰ, 5 ছেপ্টেম্বৰ : এগৰাকী শিক্ষক এডাল মমবাতিৰ নিচিনা ৷ যিয়ে নিজে জ্বলি আনক পোহৰ দিয়ে ৷ আজি শিক্ষক দিৱস (Teachers Day 2022) ৷ আজিৰ এই পবিত্ৰ দিনটোত অতীতক সুঁৱৰিলে কলিয়াবৰৰ এগৰাকী বৰ্ষীয়ান কৃৰ্তী শিক্ষকে ৷ 91 বছৰ গৰকা এই কৃৰ্তী শিক্ষকগৰাকী হৈছে কলিয়াবৰৰ তীৰ্থ দেৱ শৰ্মা (Aged Teacher is Remembering His old Days at Kaliabor)৷

Teachers Day 2022
উলহ-মালহেৰে পালন কৰা হৈছে শিক্ষক দিৱস

আজিও কলিয়াবৰৰ এইগৰাকী আদৰ্শ শিক্ষক তথা লেখক তীৰ্থ দেৱ শৰ্মাই নিৰৱচ্ছিন্নভাৱে কৰি গৈছে সাহিত্য চৰ্চা ৷ উল্লেখ্য যে, কলিয়াবৰৰ দেউৰী চিলাবন্ধা গাঁৱত জন্মগ্ৰহণ কৰিছিল এইগৰাকী আদৰ্শ শিক্ষক তীৰ্থদেৱ শৰ্মাই ৷ তীৰ্থদেৱ শৰ্মাই 1949 চনত কুঁৱৰীটোল উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা আৰম্ভ কৰিছিল ৷

তাৰ পাচত তেওঁ 1994 চনত দেউৰী চিলাবন্ধা মজলীয়া বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰে ।

লগতে পঢ়ক : আজি শিক্ষক দিৱস: শিক্ষকসকল দেশৰ সৰ্বশ্ৰেষ্ঠ মন হ'ব লাগে- ৰাধাকৃষ্ণন

45 বছৰীয়া শিক্ষকতা জীৱনত শৰ্মা জড়িত হৈ পৰিছিল সাহিত্য চৰ্চা তথা লেখা মেলা কৰাতো । অসমৰ কেইবাখনো আগশাৰীৰ কাকত, আলোচনীত লেখা-মেলা কৰাৰ লগতে গ্ৰন্থ প্ৰকাশো কৰিছিল শিক্ষক তীৰ্থ দেৱ শৰ্মাই । কলিয়াবৰৰ কেইবাখনো শিক্ষানুষ্ঠান, অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত হোৱাৰ লগতে সামাজিক ক্ষেত্ৰখনতো বহু অৱদান আগবঢ়াইছে অৱসৰপ্ৰাপ্ত কৃৰ্তী শিক্ষক তীৰ্থ দেৱ শৰ্মাই ।

অতীতক সুঁৱৰি আবেগিক হৈ পৰিল বৰ্ষীয়ান কৃৰ্তী শিক্ষক তীৰ্থ দেৱ শৰ্মা

কিন্তু এইগৰাকী আদৰ্শ শিক্ষকক ৰাজ্য চৰকাৰৰ পৰা আজিও অৱহেলিত । চৰকাৰীভাৱে আজি পৰ্যন্ত শিক্ষকগৰাকীয়ে লাভ কৰা নাই কোনো মৰ্যাদা বা সন্মান । সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰে অৱসৰপ্ৰাপ্ত কৃৰ্তী শিক্ষক তীৰ্থ দেৱ শৰ্মাই । পবিত্ৰ শিক্ষক দিৱসৰ দিনাই স্থানীয় লোকৰ চৰকাৰলৈ আহ্বান, এইগৰাকী স্বনামধন্য শিক্ষক তথা লেখক তীৰ্থ দেৱ শৰ্মাক যথোচিত সন্মানৰে তেওঁৰ কৰ্মৰাজিক স্বীকৃতি প্ৰদানৰে তেওঁক উৎসাহিত কৰি তোলক ।

লগতে পঢ়ক : বিহংগম দৃষ্টিত শিক্ষক দিৱস আৰু অসমৰ শিক্ষক সমাজ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.