নগাঁও,26 ডিচেম্বৰঃ নগাঁৱত দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ একাদশ দ্বি-বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন । নগাঁও জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ সৌজন্যত খগেন মহন্ত প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এই অধিৱেশনৰ শনিবাৰে প্ৰথমটো দিনৰ কাৰ্যসূচী অনুসৰি পতাকা উত্তোলন, স্মৃতি তৰ্পণ, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা আৰু প্ৰতিনিধি সভা অনুষ্ঠিত হয় ।
উল্লেখযোগ্য যে, সন্থাৰ কেন্দ্ৰীয় সমিতিৰ বহুকেইগৰাকী বিষয়-ববীয়া উপস্থিত থকা এই সভাখন উদ্বোধন কৰে নগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত দেৱাহুতি বৰাই । ইফালে এই কেন্দ্ৰীয় অধিৱেশনৰ দ্বিতীয়টো দিনৰ কাৰ্যসূচী অনুসৰি দেওবাৰে বিষয়-বাচনি সভা আৰু মুকলি সভা অনুষ্ঠিত হ'ব ।
লগতে পঢ়কঃ গোৱালপাৰাত বন্যহস্তীৰ তাণ্ডৱ