নগাঁও, 3 জুনঃ কলিয়াবৰ মহকুমাৰ ডিজু ভেলী চাহ বাগিচা চিকিৎসালয়ৰ দুৰৱস্থা। বাগিচাৰ চিকিৎসালয়খনত নাই চিকিৎসক,নাই চিকিৎসাকৰ্মী,নাই পৰ্যাপ্ত পৰিমাণৰ ঔষধ ৷ বছৰ বছৰ ধৰি অসম চাহ নিগমৰ ডিজু ভেলী চাহ বাগিচাৰ কৰ্তৃপক্ষৰ অৱহেলাৰ বাবে দৰিদ্ৰ চাহ শ্ৰমিক সকলে নাপায় সু-চিকিৎসা। নগাঁও জিলা চাহ জনজাতি ছাত্ৰ সন্থাৰ এক প্ৰতিনিধি দলে বাগিচাখনৰ চিকিৎসালয় পৰিদৰ্শন কৰি এই গুৰুতৰ অভিযোগ উত্থাপন কৰে। পৰিদৰ্শন কালত চিকিৎসক, চিকিৎসাকৰ্মীৰ অনুপস্থিতি আৰু পৰ্যাপ্ত ঔষধ নথকাৰ বিষয়ে অৱগত কৰে দলটোৱে। দলটোৰ প্ৰতিনিধিয়ে চাহ শ্ৰমিক সকলক পৰ্যাপ্ত চিকিৎসা সেৱা আগবঢ়াবলৈ বাগিচা কৰ্তৃপক্ষক দাবী জনোৱাৰ লগতে চৰকাৰকো বিষয়টোৰ প্ৰতি গুৰুত্ব দিবলৈ আহ্বান জনায়। লগতে, বিজেপি চৰকাৰখনে পূৰ্বৰ প্ৰতিশ্ৰুতি পূৰণ নকৰি অসমৰ আদিবাসী লোকক চৰম প্ৰতাৰণা কৰিছে বুলি ক্ষোভ প্ৰকাশ কৰে ছাত্ৰ সংগঠনটোৱে।
লগতে পঢ়কঃমৰ্মান্তিকঃ বকোত বান বিধ্বস্ত খেতি দেখি কৃষকৰ মৃত্যু