ৰূপহীহাট, ১৫ ডিচেম্বৰ: ৰূপহীহাটৰ জুৰীয়াৰ সুতিৰপাৰত আধাৰ কেন্দ্ৰৰ কৰ্মচাৰীৰ বিৰুদ্ধে উৎকোচ লোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । আধাৰ কাৰ্ড প্ৰস্তুত কৰিবলৈ দৰিদ্ৰ ৰাইজ কেন্দ্ৰটোত উপস্থিত হয় ঠিকেই, কিন্তু কৰ্মচাৰীসকলে নিয়মীয়াকৈ কাম নকৰে । ৰাইজৰ অভিযোগ মতে, আধাৰ কেন্দ্ৰটোৰ অপাৰেটৰ তথা কৰ্মচাৰীসকলে নিয়মীয়াকৈ আধাৰ কেন্দ্ৰত কাম নকৰি মধ্যভোগী দালালৰ হতুৱাই ধনৰ বিনিময়ত বাহিৰে বাহিৰে আধাৰ কাৰ্ডৰ কাম কৰি আছে ।
কেৱল এয়াই নহয়, ধন আদায় দিলেহে আধাৰ কাৰ্ডৰ বাবে ফিংগাৰপ্ৰিন্ট লোৱাৰো অভিযোগ তুলিছে ৰাইজে । এই ধন পৰিশোধ কৰিব নোৱাৰাৰ বাবে এতিয়া আধাৰ কাৰ্ড প্ৰস্তুত কৰাৰ পৰা বঞ্চিত হৈছে দৰিদ্ৰ লোকসকল । সুতিৰপাৰৰ আধাৰ কেন্দ্ৰত সংঘটিত হোৱা অনিয়ম বন্ধ কৰাৰ বাবে স্থানীয় প্ৰশাসনক উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে ৰাইজে । চৰকাৰে আধাৰ কাৰ্ড বাধ্যতামূলক কৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত আধাৰ কেন্দ্ৰৰ ব্যৱস্থা কৰিছে । কিন্তু একাংশ দুৰ্নীতিগ্ৰস্ত কৰ্মচাৰীৰ বাবে হাৰাশাস্তি ভূগিবলগীয়া হৈছে দৰিদ্ৰ ৰাইজে ।
লগতে পঢ়ক:১৭ ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব বদৌচা স্পৰ্টছ ক্লাবৰ ফুটবল খেল