নগাঁও, 26 মে' : বটদ্ৰৱা কাণ্ডৰ পিছতেই বটদ্ৰৱা থানাত প্ৰতিদিনে ভিৰ কৰিছেহি বিভিন্ন ৰাজনৈতিক তথা অৰাজনৈতিক সংগঠন । বৃহস্পতিবাৰেও বটদ্ৰৱা থানাত উপস্থিত হয় কেইবাটাও দল সংগঠনৰ লগতে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা(Shrinkhal Chaliha at Batadrava police station)। বটদ্ৰৱা থানাত উপস্থিত হৈ নেতাগৰাকীয়ে সাংবাদিকৰ আগত একাংশ ৰাজনৈতিক নেতাৰ বটদ্ৰৱা কাণ্ডক লৈ কৰা বিতৰ্কিত মন্তব্যসমূহৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।
আনহাতে , ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামে মৃত চফিকুলৰ পৰিয়ালক একলাখ টকা দিয়াতকৈ বটদ্ৰৱা থানাত সেই টকা প্ৰদান কৰিব লাগিছিল বুলি মন্তব্য কৰাৰ লগতে আমিনুল ইছলামৰ জেহাদীৰ সৈতে সম্পৰ্ক থকাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰে শৃংখল চলিহাই ।
ইফালে, ধিং সমষ্টিৰ বিধায়ক অমিনুল ইছলামক NIAৰ দ্বাৰা এই ঘটনাৰ তদন্ত কৰিবলৈও তেওঁ দাবী জনায় ৷ লগতে বটদ্ৰৱা কাণ্ডক উদ্দেশ্যি একপ্ৰকাৰে আক্ৰমণৰ প্ৰত্যাক্ৰমণ হ'ব লাগে বুলিও মন্তব্য কৰে নেতাগৰাকীয়ে ৷
লগতে তেওঁ কয় যে, "বটদ্ৰৱা কাণ্ডৰ লগত জড়িত আটাইকে কঠোৰতম শাস্তি প্ৰদান কৰিব লাগে (Accused of Batadrava police station attack case) ৷ ইয়াত কোনো জেহাদীৰ স্থান নাই, ইয়াত কোনো হিন্দু মৌলাবাদৰ স্থান নাই ৷"
লগতে পঢ়ক : Batadrava incident : বটদ্ৰৱা কাণ্ডত জড়িত আন 2 দুজনক আটক