নগাঁও, 26 মাৰ্চ: এন আৰ চিৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰিছে আছাম পাব্লিক ৱৰ্কছৰ সভাপতি অভিজিৎ শৰ্মাই (Assam NRC news) ৷ এন আৰ চিক জাতীয় দলিল নহয় পইচা ঘটা দলিল বুলি অভিহিত কৰে সভাপতি অভিজিৎ শৰ্মাই (Abhijit Sarma on NRC)। দেওবাৰে নগাৱঁৰ কমলা দেৱী তোদী ভৱনত কুঁহিপৰ্ণা ন্যাসে পদ্মকান্ত বৰুৱা যুৱ জাগৃতি বঁটা ২০২৩ প্ৰদান কৰে অভিজিৎ শৰ্মাক (Award to Abhijit Sarma) ৷
এই অনুষ্ঠানত উপস্থিত হৈ অভিজিৎ শৰ্মাই এন আৰ চিৰ সন্দৰ্ভত কেইবাটাও বিস্ফোৰক মন্তব্য প্ৰদান কৰে ৷ শৰ্মাই কয় যে, NRC অসমৰ জাতীয় দলিল নহয় পইচা ঘটাৰ দলিল হৈছে ৷ এন আৰ চি প্ৰস্তুতৰ নামত ব্যাপক কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ তদন্ত বিচাৰি কোনো পক্ষৰ পৰাই আমি সহাৰি পোৱা নাই ৷ আমাৰ অসমৰ মুখ্যমন্ত্ৰীৰ এটা বৰ ভাল গুণ আছে ৷
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যাক ভাল পায় বহুত ভাল পায় ৷ এন আৰ চি ৰ পূৰ্বৰ সমন্বয়ক প্ৰতীক হাজেলাকো মুখ্যমন্ত্ৰীজনে বেছিকৈ ভাল পায়। যাৰ বাবেই প্ৰতীক হাজেলাৰ বিৰুদ্ধে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে মুখ্যমন্ত্ৰীগৰাকীয়ে (Abhijit Sarma slams Assam CM)৷ প্ৰতীক হাজেলা NRCৰ সন্মন্বয়ক হৈ থকা সময়ত মন্ত্ৰী হৈ আছিল এতিয়াৰ মুখ্যমন্ত্ৰীগৰাকী। হয়তু তেতিয়াই গঢ় লোৱা ভাল সম্পৰ্ক এতিয়াও শেষ হোৱা নাই ৷
ইফালে ৰঞ্জন গগৈৰ সন্দৰ্ভত শৰ্মাই হৈ কয় যে অসমীয়াৰ বাবে কাম কৰাৰ সুযোগ পাইও ৰঞ্জন গগৈয়ে একো নকৰিলে। বৰঞ্চ NRCৰ ক্ষেত্ৰত সেই সময়ত মোক ধমক দিলে ৰঞ্জন গগৈয়ে। অসম সন্তান হিচাপে খ্যাত ৰঞ্জন গগৈয়ে অসমক এখন শুদ্ধ এন আৰ চি দিব নোৱাৰিলে ৷
উল্লেখ্য যে, কেগৰ প্ৰতিবেদনতো এন আৰ চিৰ নামত সংঘটিত দুৰ্নীতিৰ দস্তাবেজ প্ৰকাশ পাইছিল (NRC scam in Assam)৷ পূৰ্বতে এন আৰ চিত ৩ হাজাৰ কোটি টকাৰ কেলেংকাৰী হোৱা বুলি অভিযোগ উত্থাপন কৰিছিল অভিজিৎ শৰ্মাই ৷