নগাঁও, 12 জুনঃ নগাঁও আদালতত চলি থকা দেশ কপোৱা নিলোৎপল-অভিজিৎ হত্যাকাণ্ডৰ পুনৰ শুনানি গ্ৰহণ কৰিব ২৯ জুনত । গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে বুধবাৰে এগৰাকী সাক্ষীৰ পুনৰ সাক্ষ্য গ্ৰহণৰ কথা আছিল যদিও আদালতত উপস্থিত নহ'ল ১৭ নম্বৰ সাক্ষীগৰাকী । সাক্ষীগৰাকীয়ে পূৰ্বৰ শুনানিত সলনি কৰিছিল নিজৰ ভাষ্য । যাৰ ফলত পুনৰ সাক্ষ্যগ্ৰহণৰ বাবে জনোৱা আবেদনৰ ভিত্তিত উচ্চ ন্যায়ালয়ে দিছিল পুনৰ সাক্ষ্য গ্ৰহণৰ নিৰ্দেশ ।
চমন লাভ নকৰাৰ বাবেই বুধবাৰে আদালতত সাক্ষী উপস্থিত নোহোৱা বুলি জনাইছে অভিযুক্ত পক্ষৰ অধিবক্তা মানস শৰণীয়াই । ইপিনে সাক্ষীৰ ভাষ্য সলনি কৰা বিষয়টোক লৈ চিন্তিত হৈ পৰিছে নিলোৎপল, অভিজিৎৰ পৰিয়াল ।