ETV Bharat / state

অভি-নীল হত্য়াকাণ্ডৰ হুবহু বৰ্ণনা তিনি চাক্ষুস সাক্ষীৰ

author img

By

Published : Dec 18, 2020, 6:47 PM IST

নিৰাশাৰ মাজতো আশাৰ ৰেঙনি অভি-নীলৰ পৰিয়ালবৰ্গলৈ ৷ শুকুৰবাৰে নগাঁও আদালতত ঘটনাৰ হুবহু বৰ্ণনা দাঙি ধৰিলে তিনিগৰাকী সাক্ষীয়ে ৷

as_ngn_abhi neel murder case witness gives description of the incident before court_vis_7203829
অভি-নীল হত্য়াকাণ্ডৰ হুবহু বৰ্ণনা তিনি চাক্ষুস সাক্ষীৰ

নগাঁও,18 ডিচেম্বৰ: ৰাজ্য কঁপাই যোৱা অভি-নীল হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া ধূসৰ হৈ পৰাৰ মাজতে এতিয়া নিৰাশাৰ মাজতো আশাৰ ৰেঙনি দেখিছে ভুক্তভোগী পৰিয়াল দুটাই ৷ তৃতীয় পক্ষৰ হেঁচাত পূৰ্বে ঘটনাৰ চাক্ষুস সাক্ষীয়ে বাৰে বাৰে সলাই আহিছিল নিজৰ ভাষ্য ৷ কিন্তু ইয়াৰ মাজতে শুকুৰবাৰে নগাঁও আদালতত তিনিগৰাকীকৈ সাক্ষীয়ে ঘটনাৰ হুবহু বৰ্ণনা দাঙি ধৰে ৷ আৰু ইয়াৰ পিছতেই নিজৰ পুত্ৰৰ হত্যাৰ ন্যায় লাভ কৰিব বুলি আশাবাদী হৈ পৰিছে অভি-নীলৰ পৰিয়ালবৰ্গ ৷

অভিজিৎ নাথৰ পিতৃৰ ভাষ্য

এই পৰ্যন্ত ঘটনাৰ ৭১ গৰাকী সাক্ষীৰ ভিতৰত 42 গৰাকী সাক্ষীৰ ভাষ্য গ্ৰহণ কৰা হৈছে ৷ ইতিমধ্যে আদালতত ২২ জনকৈ অভিযুক্ত চিনাক্ত হোৱা বুলিও উল্লেখ কৰে অভি-নীলৰ পৰিয়ালৰ লোকে । অভিযুক্ত কেইজনক অতিশীঘ্ৰে ফাঁচী প্ৰদানৰ দাবী উত্থাপন কৰিছে অভি-নীলৰ দুই পিতৃ গোপাল চন্দ্ৰ দাস,অজিত নাথ আৰু স্মৃতি ৰক্ষা সমিতিয়ে ৷

নীলোৎপল দাসৰ পিতৃৰ ভাষ্য

উল্লেখ্য যে,২০১৮ বৰ্ষৰ ৮ জুনত কাৰ্বি আংলঙৰ ডকমকাৰ পাণজুৰি গাঁৱত এদল লোকে সোপাধৰাৰ সন্দেহত মৰিয়াই মৰিয়াই হত্যা কৰিছিল গুৱাহাটীৰ দুই যুৱক অভিজিৎ নাথ আৰু নীলোৎপল দাসক ৷ এই হত্যাকাণ্ডই দুটা বছৰ অতিক্ৰম কৰাৰ পাছত শেহতীয়াকৈ পৰিস্থিতিৰ সুৰুঙা লৈ অভিযুক্তৰ জামিনৰ বাবে তৎপৰ হৈ পৰিছিল অভিযুক্ত পক্ষৰ অধিবক্তা ।

লগতে পঢ়ক-গীৰ্জা ভঙা কাণ্ডত দোষী সাব্যস্ত মাজুলীৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.