ETV Bharat / state

পুৰণিগুদামৰ পথৰ দাঁতিত উদ্ধাৰ পৰিত্যক্ত পিপিই কিট - কৰ'ণা মহামাৰী

পুৰণিগুদামৰ পথৰ দাঁতিত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে দুটাকৈ ব্যৱহাৰ হোৱা পিপিই কিট ৷ স্বাস্থ্য কৰ্মীৰ দ্বাৰা এই কাম সম্পাদিত হোৱা অভিযোগ স্থানীয় ৰাইজৰ ৷

পৰিত্যক্ত পিপিই কিট
পৰিত্যক্ত পিপিই কিট
author img

By

Published : Aug 5, 2020, 1:22 PM IST

Updated : Aug 5, 2020, 6:00 PM IST

নগাঁও, 5 আগষ্ট: পথৰ দাঁতিত পৰিত্যক্ত অৱস্থাত থকা পিপিই কিট উদ্ধাৰক লৈ তীব্ৰ আতংকৰ সৃষ্টি হৈছে নগাঁৱৰ পুৰণিগুদামবাসীৰ মাজত ৷ পুৰণিগুদাম ৰাজ্যিক চিকিৎসালয়ৰ সমীপতে স্থানীয় লোকে বুধবাৰে পথৰ দাঁতিত পৰিত্যক্ত অৱস্থাত প্ৰত্যক্ষ কৰে দুটাকৈ ব্যৱহাৰ হোৱা পিপিই কিট ৷ স্থানীয় ৰাইজে উল্লেখ কৰা অনুসৰি, প্ৰতিদিনেই সেই স্থানত এম্বুলেঞ্চসমূহ আহি ৰয়হি আৰু এম্বুলেঞ্চৰ লোকেই সেই স্থানত পিপিই কিট দুটা পেলাই থৈ গৈছে ৷ এই অভিযোগ উত্থাপন কৰিছে পুৰণিগুদামৰ স্থানীয় ৰাইজে ৷

পুৰণিগুদামৰ পথৰ দাঁতিত উদ্ধাৰ পৰিত্যক্ত পিপিই কিট

উল্লেখ্য যে, নগাঁও জিলাত প্ৰতিদিনেই ক্ৰমবৰ্ধমান অৱস্থাত আছে কৰ'ণা মহামাৰীৰ সংক্ৰমণ ৷ তাৰ মাজতে এনেদৰে পৰিত্যক্ত অৱস্থাৰ পিপিই কিট প্ৰত্যক্ষ কৰি আতংকিত হৈ পৰিছে স্থানীয় লোক ৷ স্বাস্থ্যকৰ্মীৰ দ্বাৰা সম্পাদিত এনে কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শংকিত ৰাইজে ৷

লগতে পঢ়ক: কৰ’ণা ৰোগীৰ খাদ্যত ওলাল কুমজেলেকুৱা

Last Updated : Aug 5, 2020, 6:00 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.