নগাঁও,22 ফেব্ৰুৱাৰী: কলিয়াবৰৰ লেংটেঙত গধুৰ যান-বাহনৰ চলাচলৰ বিৰুদ্ধে পথ অৱৰোধ প্ৰতিবাদ ৷ শনিবাৰে কলিয়াবৰ মহকুমাৰ লেংটেঙত অবাধ বন ধ্বংস তথা পথৰ বহনক্ষম ক্ষমতাতকৈ অধিক বোজা বহনৰে যান-বাহন চলাচলৰ বিৰুদ্ধে গৰজি উঠিল আটছা,বেংগলী যুৱ ছাত্ৰ ফেডাৰেচন আৰু অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ ৷ আঞ্জুকপানী-হাচঁপানী-শালনা হৈ আমনি তিনিআলিয়েদি 37 নং ৰাষ্ট্ৰীয় ঘাই-পথত অধিক বোজা বহনকাৰী গধুৰ যান-বাহন চলাচল কৰি পথটো বিধ্বস্ত কৰাৰ অভিযোগত সাব্যস্ত কৰে এই প্ৰতিবাদ । শনিবাৰে দিনৰভাগত প্ৰায় দুঘণ্টা ধৰি পথ অৱৰোধৰে কাৰ্বি-আংলঙৰ বন বিভাগৰ লগতে গড়কাপ্তানি বিভাগৰ নিৰ্লিপ্ততাৰ বিৰুদ্ধে গৰজি উঠে প্ৰতিবাদকাৰীসকল ৷
লগতে পঢ়ক:অংগনবাড়ী কৰ্মীৰে চলিছে নগাঁৱৰ এখন প্ৰাথমিক বিদ্যালয়