কলিয়াবৰ,7অক্টোবৰঃ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি অব্যাহত আছে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৷ কলিয়াবৰৰ কুঁৱৰীটোলতো কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ উদ্যোগত শনিবাৰে মূল্যবৃদ্ধিৰ প্ৰতিবাদ কৰি 37নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ প্ৰতিবাদকাৰীসকলে যোগানমন্ত্ৰী হায় হায়, যোগানমন্ত্ৰী গ' বেক আদি ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷
ইপিনে প্ৰতিবাদৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথটোত আবদ্ধ হৈ পৰে শ শ যানবাহন ৷ লক্ষণীয়ভাৱে, প্ৰতিবাদৰ সময়চোৱাত আবদ্ধ যাত্ৰীৰে বাক-বিতণ্ডাতো লিপ্ত হয় ছাত্ৰ সন্থাৰ কৰ্মীসকল ৷ কিন্তু প্ৰতিবাদস্থলীত উপস্থিত হৈ আৰক্ষীয়ে তৎপৰতাৰে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷
লগতে পঢ়কঃ অসমৰ বিদ্যালয়ত মিজো দুৰ্বৃত্তৰ বোমা বিস্ফোৰণ