ৰূপহীহাট, 26 নৱেম্বৰঃ ৰূপহীহাটত আমছুৰ সজাগতা সভা । বাল্য বিবাহ, মদ, ভাং, জুৱা আদি অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে ৰূপহীহাটৰ হাতীপুখুৰীত আমছুৰ নগাঁও জিলা সমিতিৰ অন্তৰ্গত হাতীপুখুৰী আঞ্চলিক সমিতিৰ উদ্যোগত অনুষ্ঠিত হয় আমছুৰ সজাগতা সভা ।
অনুষ্ঠানৰ আৰম্ভণিতে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈ দেৱৰ প্ৰতিছবিত পুষ্পাঞ্জলি অৰ্পণ কৰি ১ মিনিট সময় মৌন প্ৰাৰ্থনাৰে বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰা হয় । উক্ত অনুষ্ঠানতেই সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ নৱ গঠিত হাতীপুখুৰী আঞ্চলিক সমিতিয়ে শপত গ্ৰহণ কৰে । সভাপতি মাহবুবুল হুছেইন আৰু সাধাৰণ সম্পাদক ফকৰ উদ্দিন আলি আহমেদ সহ ২১ জনীয়া শক্তিশালী হাতীপুখুৰী আঞ্চলিক সমিতিক শপত বাক্য পাঠ কৰোঁৱাই আমছুৰ নগাঁও জিলা সমিতিৰ সভাপতি আব্দুৰ ৰহিমে ।
আজিৰ অনুষ্ঠানত আমছুৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক মোশ্বাৰফ হুছেইন কবিৰ, সহকাৰী সাধাৰণ সম্পাদক ওৱাহিদুৰ ৰহমান নগাঁও জিলা সমিতিৰ কেইগৰাকী বিষয়ববীয়াৰ লগতে বহু আমছু কৰ্মীৰ লগতে শতাধিক ৰাইজ উপস্থিত থাকে।
লগতে পঢ়কঃ ৮৬ বছৰ গৰকা তৰণী ৰাস মহোৎসৱ এইবাৰ অনুষ্টুপীয়াকৈ আয়োজনৰ সিদ্ধান্ত