ETV Bharat / state

ধিঙত আম আদমি পাৰ্টীত যোগদান শতাধিক লোকৰ - AAP in Assam

নগাঁও জিলাৰ ধিং বিধানসভা সমষ্টিত দেওবাৰে আম আদমি পাৰ্টীৰ যোগদান কাৰ্যসূচী (AAP in Assam) । দুই শতাধিক কংগ্ৰেছ, এ আই ইউ ডি এফৰ কৰ্মী-সমৰ্থকৰ যোগদান ।

aam-aadmi-party-joining-dhing-at-nagaon
ধিঙত শতাধিকৰ আম আদমি পাৰ্টীত যোগদান
author img

By

Published : Jun 26, 2022, 9:38 PM IST

ধিং, ২৬ জুন: নগাঁও জিলাৰ ধিং বিধানসভা সমষ্টিত দেওবাৰে অনুষ্ঠিত হয় আম আদমি পাৰ্টীৰ এক যোগদান কাৰ্যসূচী (Aam Aadmi Party joining Dhing in Nagaon)। এ আই ইউ ডি এফৰ দখলত থকা ধিং বিধানসভা সমষ্টিৰ অন্তৰ্গত মৈৰাবাৰী মৌজাৰ লচনাবড়ী গাঁও পঞ্চায়তৰ সভাপতি দিলদাৰ হুছেইনৰ নেতৃত্বত তিনিজন ৱাৰ্ড সদস্যসহ দুই শতাধিক লোকে দেওবাৰে আম আদমি পাৰ্টীত যোগদান কৰে ।

ধিঙত শতাধিকৰ আম আদমি পাৰ্টীত যোগদান

কংগ্ৰেছ, এ আই ইউ ডি এফ দলৰ পৰা অহা কৰ্মীসকলে মৈৰাবাৰী পাব্লিক লাইব্ৰেৰীত আয়োজিত আম আদমি পাৰ্টীৰ সভাত আনুষ্ঠানিকভাৱে যোগদান কৰা বুলি জানিব পৰা গৈছে (Congress, AIUDF supporter of Assam supporter joining)।

ইপিনে, এই যোগদান কাৰ্যসূচী সম্পন্ন কৰাৰ পাছত আম আদমি পাৰ্টীৰ মুখপাত্ৰ কমল কুমাৰ মেধি মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ হৈ পৰে । তেওঁ কয় যে, মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মা হ'ল বিধায়ক কিনা-বেচা কৰাৰ চৰ্দাৰ । বৰ্তমান অসমৰ ভয়াৱহ বানপানীৰ সময়ত মুখ্যমন্ত্ৰীগৰাকী মহাৰাষ্ট্ৰৰ বিধায়ক সকলক লৈ ব্যস্ত হৈ পৰিছে বুলিও মুখপাত্ৰ কমল কুমাৰ মেধিয়ে কটাক্ষ কৰে ।

লগতে পঢ়ক:ৰঙিয়াত বানৰ তাণ্ডৱ: বন্যাৰ্তৰ আৰ্তনাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.