ETV Bharat / state

সদৌ অসম সাংবাদিক সন্থাৰ নগাঁও জিলাৰ নতুন সমিতি গঠন - নগাঁও প্ৰেছ ক্লাব

'আজু'ৰ নগাঁও জিলা সমিতি গঠন ৷ সভাপতি নিৰ্বাচিত কৰা হয় হৰেশ্বৰ বৰাক আৰু সম্পাদক হিচাপে নিৰ্বাচিত কৰা হয় চন্দনজ্যোতি বৰাক ৷

AAJU NAGAON DISTRICT NEW COMMITTEE FORMED

author img

By

Published : Oct 11, 2020, 9:46 PM IST

নগাঁও, 11 অক্টোবৰ : সদৌ অসম সাংবাদিক সন্থা চমুকৈ 'আজু'ৰ নগাঁও জিলা সমিতিখন দেওবাৰে গঠন হয় । তদুপলক্ষে নগাঁও প্ৰেছ ক্লাবত অনুষ্ঠিত হয় এখন সভা । সদৌ অসম সাংবাদিক সন্থা চমুকৈ 'আজু'ৰ সভাপতি পংকজ কুমাৰ নাথে সভাখনত সভাপতিত্ব কৰে । নাথে সভাত কয় যে, ‘‘সাংবাদিকৰ অধিকাৰ সুৰক্ষাৰ স্বাৰ্থত আমি এখন মঞ্চত সমবেত হবই লাগিব । আমি সাংবাদিকৰ স্বাৰ্থৰ হকে নিৰন্তৰ মাত মাতি যাম।’’ জ্যেষ্ঠ সাংবাদিকজনে এই জটিল সময়ত নিজকে হিন্দু-মুছলমান আদি ধৰ্মীয় পৰিচয়ৰে পৰিচয় দিয়াৰ পৰিবৰ্তে অসমীয়া বুলি পৰিচয় দিবলৈ সকলোকে আহ্বান জনায় ।

সভাত বিশিষ্ট সাংবাদিক ড৹ আবু হানিফা, দিব্যজ্যোতি নাথ আদিও উপস্থিত থাকে । এই সভাতেই গঠন হোৱা 'আজু'ৰ নগাঁও জিলাৰ নতুন সমিতিখনৰ উপদেষ্টা হিচাপে ড৹ আবু হানিফা, জীতেন বৰকটকী, পলাশ প্ৰতীম হাজৰিকা আৰু শৈলেন শইকীয়াক দায়িত্ব দিয়া হয় ৷ সভাপতি নিৰ্বাচিত কৰা হয় হৰেশ্বৰ বৰাক আৰু কাৰ্যকৰী সভাপতি অজিত শইকীয়া ৷ উপসভাপতি হিচাপে দায়িত্ব অৰ্পন কৰা হয় ফাইজুৰ ৰহমান, ৰবিন্দ্ৰ শ্বাহ, জেপি সিং, নিলোৎপল বৰাক ৷

সম্পাদক হিচাপে নিৰ্বাচিত কৰা হয় চন্দনজ্যোতি বৰা, সহ সম্পাদক মিন্টু দাস,তপন কটকী,ভাস্কৰ শইকীয়া,বাবুল শইকীয়া ৷ মুখ্য সাংগঠনিক সম্পাদকৰ দায়িত্ব দিয়া হয় ছফিকুৰ ৰহমানক ৷ ৰকিবুল ৱাহিদ,বেদব্ৰত ৰাজা,নয়ণমনি বৰা,আবু আনচাৰীক সাংগঠনিক সম্পাদকৰ দায়িত্ব দিয়া হয় ৷ প্ৰচাৰ সম্পাদকৰ দায়িত্ব প্ৰদান বীৰেন বৰা, গোপাল ৰয়, বাহাৰুল ইছলামক ৷ কাৰ্যালয় সম্পাদকৰ দায়িত্বত বাহাৰুল ইছলাম, নাজিম আহমেদ ৷ পত্ৰিকা সম্পাদকৰ দায়িত্বত ভাৰ্গৱ হাজৰিকা । পৰবৰ্তী সময়ত 'আজু'ৰ নগাঁও জিলা সমিতিৰ অন্য সদস্য সকল নিৰ্বাচন কৰা হ’ব।

লগতে পঢ়ক : ৰঙিয়াত ষ্টেট বেংকৰ গ্ৰাহকৰ একাউন্টৰ পৰা 9 লাখ টকা হৰলুকি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.