নগাঁও, 3 জুন: একাংশ বোৱাৰীয়েকৰ অত্যাচাৰৰ বলি হৈ বৃদ্ধ বয়সত বহু শাহু-শহুৰেকে বৃদ্ধাশ্ৰমত থাকিবলগীয়া হয় ৷ এনে এক সময়ত নগাঁৱৰ ৰহাৰ এগৰাকী বোৱাৰীয়ে দেখুৱাইছে এক অনন্য নিদৰ্শন । ক’ভিডত আক্ৰান্ত নিজৰ শহুৰেকক পিঠিত উঠাই নি গাড়ীত উঠালে নগাঁৱৰ ৰহাৰ এগৰাকী বোৱাৰীয়ে ৷
ৰহাৰ ভাটিগাঁৱৰ তিলেশ্বৰ দাস নামৰ ৭৫ বছৰীয়া লোকজন অসুস্থ হৈ পৰাত বৃহস্পতিবাৰে বোৱাৰী নিহাৰিকা দাসে ক’ভিড পৰীক্ষা কৰিবলৈ নগাঁৱৰ ৰহা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যায় । ক’ভিড পৰীক্ষাত শহুৰ তিলেশ্বৰ দাসৰ দেহত ক’ভিডৰ অৱস্থিতি ধৰা পৰে । অৱশ্যে উক্ত পৰীক্ষাত ক’ভিড নিগেটিভ ধৰা পৰে বোৱাৰীয়েকগৰাকী ৷
উল্লেখ্য যে, তিলেশ্বৰ দাসৰ পুত্ৰ কৰ্মসূত্ৰে বহিঃৰাজ্যত থাকে । সেয়ে শহুৰেকৰ সকলো শুশ্ৰূষা বোৱাৰীয়েকে কৰে । চিকিৎসালয়ৰ ভিতৰৰ পৰা অসুস্থ শহুৰেকক গাড়ীত উঠাবলৈ কোনো আগবাঢ়ি নহাত উপায়ন্তৰ হৈ বোৱাৰীয়েক নিহাৰিকা দাসে নিজৰ পিঠিত উঠাই চিকিৎসালয়ৰ ভিতৰৰ পৰা নি এখন মেজিক গাড়ীত উঠাই কৰ’ণাত আক্ৰান্ত শহুৰেকক ।
কেৱল গাড়ীত উঠাই দিয়াই নহয়, নিজেও গাড়ীখনত উঠি শহুৰ তিলেশ্বৰ দাসক নিজৰ বুকুচাত লৈ ক’ভিড কেয়াৰ কেন্দ্ৰলৈকে লৈ যায় বোৱাৰীয়েক নিহাৰিকা দাসে । সাম্প্ৰতিক সময়ত নিহাৰিকা দাসে দেখুওৱা এই আদৰ্শই চৰ্চা লাভ কৰিছে সচেতন মহলত ৷
লগতে পঢ়ক: কাগজ কল কিনিবলৈ ইচ্ছুক ব্যক্তিক গামোচা পিন্ধাব মুখ্যমন্ত্ৰীয়ে