ETV Bharat / state

সাৱধান নগাঁওবাসী; চকুৰ পলকতে প্ৰৱঞ্চকে সলনি কৰিব পাৰে আপোনাৰ এটিএম

author img

By

Published : Apr 5, 2022, 12:52 PM IST

এটিএমৰ পৰা ধন উলিওৱাৰ সময়ত সাৱধান হওক আপুনি । কাৰণ এটিএমৰ আশে-পাশে টিঘিলঘিলাই ফুৰিছে প্ৰৱঞ্চকৰ দল । এইবাৰ এটিএমৰ একাউণ্টৰ পৰা ধন উলিওৱাৰ নতুন কৌশল অৱলম্বন কৰিছে প্ৰৱঞ্চকে । সবিশেষ এই প্ৰতিবেদনত...

ATM fraud arrested by Nagaon Police
নগাঁও আৰক্ষীৰ জালত পৰিছে মহিলা প্ৰৱঞ্চক

নগাঁও, 5 এপ্ৰিল : এ টি এমলৈ যাওঁতে সাৱধান ! প্ৰৱঞ্চকে পতা জালত পৰি আপুনি নিমিষতে সৰ্বস্বান্ত হৈ পৰিব পাৰে ৷ কিয়নো বৰ্তমান প্ৰৱঞ্চকেৰে ভৰি পৰিছে ৰাজ্য ৷ বিগত কিছুদিন ধৰি নগাঁৱত উপদ্ৰৱ চলাই আহিছে একাংশ দুষ্ট মনোবৃত্তিৰ লোকে ৷ যাৰ ফলত বহু হাৰাশাস্তিৰ সন্মুখীন হ’ব লগাত পৰিছিল নগাঁওবাসী ৷ এইবাৰ প্ৰৱঞ্চকৰ জালত পৰি লটি-ঘটি হ’ল নগাঁৱৰ এজন বৃদ্ধৰ ৷

অৱশ্যে বৰ্তমান কিছু স্বতিৰ নিশ্বাস এৰিছে নগাঁওবাসীয়ে ৷ কিয়নো সোমবাৰে নগাঁও আৰক্ষীৰ জালত পৰিছে মহিলা প্ৰৱঞ্চক (A woman arrested by Nagaon police accused of ATM fraud) ৷ আটকাধীন মহিলাগৰাকীৰ নাম আছুমা বেগম ৷ অভিযোগ অনুসৰি, মৰিগাঁও জিলাৰ লাহৰীঘাটৰ আছুমা বেগমে বিগত কিছুদিন ধৰি নগাঁৱত প্ৰৱঞ্চনাৰ জাল পেলাই আহিছিল ৷

প্ৰৱঞ্চকত জালত পৰি লটি ঘটি হ’ল বৃদ্ধ শোৱাৰাম মজুমদাৰৰ

কিন্তু উপযুক্ত তথ্য তথা প্ৰমাণৰ অভাৱত আৰক্ষীয়ে আটক কৰিব পৰা নাছিল অভিযুক্ত আছুমা বেগমক ৷

জানিব পৰা মতে, অভিযুক্ত আছুমা বেগমে নগাঁৱত টাৰ্গেট কৰি লৈছিল একাংশ বৃদ্ধ লোকক । শোৱাৰাম মজুমদাৰ নামৰ এজন ব্যক্তিয়ে উল্লেখ কৰা অনুসৰি, বিগত বৰ্ষৰ নৱেম্বৰ মাহত তেওঁ নগাঁৱৰ এটা এটিএমৰ পৰা ধন উলিয়াব গৈছিল । কিন্তু এটিএমটোত ধন নথকাত তেওঁ সেই এটিএমৰ পৰা ওলাই আহে ৷ তেতিয়া বৃদ্ধলোকজনৰ সৈতে সাক্ষাৎ হয় ধৃত আছুমা বেগমৰ সৈতে ৷

লগতে পঢ়ক : বিদ্যুতৰ খুঁটাত বান্ধি উত্তম মাধ্যম চোৰক

প্ৰৱঞ্চক ৰূপী আছুমা বেগমে শোৱাৰাম নামৰ বৃদ্ধ গৰাকীক সেই নিৰ্দিষ্ট এটিএমটোত পইচা আছে বুলি কৈ অতি কৌশলেৰে তেওঁৰ অজ্ঞাতে এটিএম কাৰ্ড খন লৈ অন্য এখন এটিএম কাৰ্ডৰ সৈতে সলনি কৰি লয় । সেই সমস্ত দৃশ্য বন্দী হৈছিল সেই নিৰ্দিষ্ট এটিএমটোৰ চিচিটিভি কেমেৰাত । পৰৱৰ্তী সময়ত বৃদ্ধগৰাকীয়ে এটিএম সলনি হোৱাৰ কথা গম পাই কাষ চাপে আৰক্ষীৰ (ATM fraud case in Nagaon) ৷

ভুক্তভোগী শোৱাৰাম মজুমদাৰে হয়বৰগাঁও আৰক্ষীত চকীত এই ঘটনা সন্দৰ্ভত দাখিল কৰে এক গোচৰ । সেই গোচৰৰ এজাহাৰৰ ভিত্তিতেই আৰক্ষীয়ে আৰম্ভ কৰে তদন্ত ৷ নগাঁৱৰ সেই নিৰ্দিষ্ট এটিএমটোৰ চিচিটিভিৰ দৃশ্য চাই আৰক্ষীয়ে প্ৰৱঞ্চক আছুমা বেগমক বিচাৰি নামে এক অভিযানত ।

অৱশেষত সোমবাৰে নগাঁৱৰ হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে এক গোপন খবৰৰ ভিত্তিত সোমবাৰে নগাঁও চহৰৰ পৰা প্ৰৱঞ্চকৰূপী মহিলা আছুমা বেগমক আটক কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি, ধৃত আছুমা বেগমৰ পৰা আন ব্যক্তিৰ নামত থকা কেইবাখনো এ টি এম কাৰ্ড জব্দ কৰিবলৈ সক্ষম হয় ৷ তথ্য অনুসৰি, আৰক্ষীয়ে এই সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত ৷

লগতে পঢ়ক : নকল সোণ বেচি ধনী হ’বলৈ খুজি আটক হ’ল পিতা-পুত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.