ETV Bharat / state

মানৱীয়তাক লজ্জানত কৰা এক ঘটনা আৰু এগৰাকী অসহায় বৃদ্ধা - মানৱীয়তাক লজ্জানত কৰা এক ঘটনা আৰু এগৰাকী অসহায় বৃদ্ধা

বিগত এসপ্তাহে চিকিৎসালয়ৰ বিচনাত মৃত্যুৰ সৈতে যুঁজিছে এগৰাকী অসহায় বৃদ্ধাই ৷ বস্তাত ভৰাই আৱর্জনাৰ দৰেই পথৰ দাঁতিত পেলাই থৈ যোৱা হৈছিল বৃদ্ধাগৰাকীক ৷

মানৱীয়তাক লজ্জানত কৰা এক ঘটনা আৰু এগৰাকী অসহায় বৃদ্ধা
author img

By

Published : Jun 8, 2019, 4:03 PM IST

নগাঁও, 8 জুন : এগৰাকী অসহায় বৃদ্ধা ৷ বিগত এসপ্তাহে চিকিৎসালয়ৰ বিচনাত মৃত্যুৰ সৈতে যুঁজি আছে বৃদ্ধাগৰাকীয়ে ৷ পিছে কোন এই বৃদ্ধাগৰাকী ৷ এই পৰ্যন্ত উদ্ধাৰ হোৱা নাই বৃদ্ধাগৰাকীৰ কোনো পৰিচয় ৷ কিয়নো মানৱ সমাজক লজ্জানত কৰি বৃদ্ধাগৰাকীক বস্তাত ভৰাই আৱর্জনাৰ দৰেই পথৰ দাঁতিত পেলাই থৈ গৈছিল কোনো হৃদয়হীন লোকে ৷ সন্দেহ কৰা হৈছে পৰিয়ালৰ লোকেই পেলাই থৈ গৈছে বৃদ্ধাগৰাকীক । কিন্তু নগাঁৱৰ স্বেচ্ছাসেৱী সংগঠন গ্ৰাম বিকাশ পৰিষদৰ সদস্যই এই খবৰ লাভ কৰা পাচতেই পথৰ দাঁতিৰ পৰা উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰে বৃদ্ধাগৰাকীৰ ।

মানৱীয়তাক লজ্জানত কৰা এক ঘটনা আৰু এগৰাকী অসহায় বৃদ্ধা

বৰ্তমানেও চিকিৎসালয়ৰ বিচনাত মৃত্যু যন্ত্ৰণাত চটফটাইছে অসহায় বৃদ্ধাগৰাকীয়ে ৷ সম্প্ৰতি স্বেচ্ছাসেৱী সংগঠনটোৰ লগতে নগাঁও জিলা উপায়ুক্ত যাদৱ শইকীয়াৰ তদাৰকত চলি আছে বৃদ্ধগৰাকীৰ চিকিৎসা ৷ উল্লেখ্য যে, নগাঁৱত সংঘটিত এনে অমানৱীয় ঘটনাই এতিয়া স্তম্ভিত কৰি তুলিছে প্ৰতিগৰাকী সচেতন নাগৰিককে ৷

Intro:বিগত এসপ্তাহে চিকিৎসালয়ৰ বিচনাত মৃত্যুৰে যুঁজি আছে এগৰাকী অসহায় বৃদ্ধাই। পথৰ দাঁতিত বস্তাত ভৰাই অবর্জনাৰ দৰে পেলাই থৈ গৈছিল কোনো লোকে। পথৰ দাঁতিৰ পৰাই এটা স্বেচ্ছাসেৱী সংগঠনে উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰাইছিল বৃদ্ধাগৰাকীক। এতিয়া নগাওঁ জিলা উপায়ুক্তই প্ৰতিটো মুহূৰ্ততে তদাৰক কৰি আছে মহিলাগৰাকীৰ চিকিৎসাৰ। এই অমানৱীয় ঘটনা সংঘটিত হৈছে নগাঁৱত।

Body:এক অমানৱীয় ঘটনা সংঘটিত হৈছে নগাঁৱত। বিগত এসপ্তাহে নগাওঁ অসামৰিক চিকিৎসালয়ৰ বিচনাত মৃত্যুৰে যুঁজিছে মহিলাগৰাকীয়ে। বৃদ্ধ বয়সত পৰিয়ালৰ বাবে যেন আৱৰ্জনা হৈ পৰিল মহিলাগৰাকী। মানৱ সমাজক লজ্জানত কৰি বৃদ্ধাগৰাকীক বস্তাত ভৰাই অবর্জনাৰ দৰেই পেলাই থৈ গল হৃদয়হীন লোকে। সন্দেহ কৰা হৈছে মহিলাগৰাকীক পৰিয়ালৰ লোকেই পেলাই দিয়া বুলি। নগাঁৱৰ সেচ্ছাসেৱী সংগঠন গ্ৰাম বিকাশ পৰিষদৰ সদস্যই এই খবৰ লাভ কৰি পথৰ দাঁতিৰ পৰা উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰে মহিলাগৰাকীৰ। বৰ্তমানেও চিকিৎসালয়ৰ বিচনাত মৃত্যু যন্ত্ৰনাত চটফটাইছে অসহায় বৃদ্ধাগৰাকী।
bite.
vo. এই পৰ্য্যন্ত উদ্ধাৰ হোৱা নাই বৃদ্ধাগৰাকীৰ কোনো পৰিচয়। সম্প্ৰতি সেচ্ছাসেৱী সংগঠনটোৰ লগতে নগাওঁ জিলা উপায়ুক্ত যাদৱ শইকীয়াই নিজে তদাৰক কৰি আছে বৃদ্ধাগৰাকীৰ চিকিৎসাৰ। প্ৰতিটো মহুৰ্তৰ চিকিৎসাৰ খবৰ ৰাখিছে জিলা উপায়ুক্তই।
bite.

Conclusion:নগাঁৱত সংঘটিত এনে অমানৱীয় ঘটনাই স্তম্ভিত কৰি তুলিছে প্ৰতিজন সচেতন লোকক।
----------------------///-----------------///-------/////-------
নগাঁৱৰ পৰা ৰকিবুল ওৱাহিদ, ই টি ভি ভাৰত অসম
৮-৬-১৯
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.