ETV Bharat / state

শিশুক মোনাত ভৰাওতেই ৰাইজে আটক কৰিলে অপহৰণকাৰী - উত্তম মধ্যম

সোপাধৰাৰ সন্দেহত এজনক প্ৰহাৰ। উত্তপ্ত নগাঁৱৰ বৰভেটি । এটি শিশু অপহৰণৰ চেষ্টা কৰোঁতেই আটক কৰে স্থানীয় লোকে ৷

a person arrested by nagaon police in allegation of kidnapping a kid

author img

By

Published : Jul 4, 2020, 10:40 PM IST

নগাঁও, 4 জুলাই : উইকেণ্ড লক্ ডাউন চলি থকাৰ মাজতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় নগাঁৱৰ বৰভেটিত। জুৰীয়াৰ দগাঁৱৰ বিল্লাল নামৰ এজন লোকে বৰভেটিৰ পৰা এটি শিশু অপহৰণৰ চেষ্টা কৰাক লৈয়েই সৃষ্টি হয় উত্তেজনাৰ। স্থানীয় একাংশই সোপাধৰাৰ সন্দেহত অপহৰণৰ চেষ্টা কৰা বিল্লালক আটক কৰি উত্তম মধ্যম সোধায় একাংশই । উত্তপ্ত পৰিস্থিতিৰ খবৰ পাই নগাঁও আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক মানস শইকীয়া, সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অশোক দত্তৰ নেতৃত্বত আৰক্ষীৰ এটা বৃহৎ দল উপস্থিত হৈ অপহৰণৰ অভিযুক্ত বিল্লাল উদ্ধাৰ কৰি আটক কৰে ।

শিশু অপহৰণৰ চেষ্টা কৰোঁতেই আটক এজন

উল্লেখ্য য়ে, নগাঁও জিলাৰ বিভিন্ন স্থানত বিগত সময়চোৱাত অপৰাধমূলক ঘটনা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ নগাঁও আৰক্ষীয়ে অপৰাধ ৰোধৰ বাবে জিলাখনত নিয়মিত অভিযান চলায় আহিছে আৰু অভিযানত কেইবাটাও ড্ৰাগছ সৰবৰাহকাৰী, কুখ্যৎ ডকাইত আদি আটক কৰিবলৈ সক্ষম হৈছে ৷

লগতে পঢ়ক : অসম আৰক্ষীৰ শীৰ্ষ বিষয়া ক'ভিড-19ত আক্ৰান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.