ETV Bharat / state

জাতিৰ পিতা মহাত্মা গান্ধীয়ে জিৰণি লোৱা এটা বিশেষ বঙলা - silghat

দেশৰ 75 সংখ্যক স্বাধীনতা দিৱসত দেশৰ জনগণক উদ্বুদ্ধ কৰিব পৰা গুণৰ অধিকাৰী জাতিৰ পিতা মহাত্মা গান্ধীকো দেশে স্মৰণ কৰিব ৷ এইগৰাকী প্ৰাতঃস্মৰণীয় ব্যক্তিৰ সমল-স্মৃতি চিহ্নসমূহ স্বাধীনতা দিৱসত বিশেষভাবে স্মৰণ কৰা হয় ৷ অসমতো আছে মহাত্মা গান্ধীৰ জীৱনৰে জড়িত এক বিশেষ সমল ৷

a-house-with-special-ties-to-mahatma-gandhi-in-assam
জাতিৰ পিতা মহাত্মা গান্ধীয়ে জিৰণি লোৱা এটা বিশেষ বঙলা
author img

By

Published : Aug 14, 2021, 9:42 PM IST

Updated : Aug 14, 2021, 11:04 PM IST

নগাঁও, 14 আগষ্ট : 75 সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ বাবে সাজু হৈ উঠিছে সমগ্ৰ দেশবাসী ৷ দেশৰ স্বাধীনতাৰ যুঁজত শত-সহস্ৰ সেনানীৰ চৰম ত্যাগক স্মৰণ কৰিব দেশৰ জনগণে ৷ স্মৰণ কৰিব সেই নেতৃত্বক যাৰ এষাৰ বাক্যই দেশৰ জনগণক প্ৰেৰণা যোগাই 'কৰিম কিম্বা মৰিম' মন্ত্ৰেৰে জীৱনকো তুচ্ছ জ্ঞান কৰি স্বাধীনতাৰ অহিংসা ৰণত বৃটিছৰ বিৰুদ্ধে যুজিবলৈ ওলাই আহিছিল ৷ যাৰ নেতৃত্বতে দেশে স্বাধীনতা লাভ কৰিছিল ৷

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত আপোনাক চিনাকী কৰি দিবলৈ ওলাইছো জাতিৰ পিতা মহাত্মা গান্ধীৰে বিশেষ সম্পৰ্ক থকা এটা বঙলাৰে ৷ যিটো বঙলাত উপস্থিত হৈ 1921 চনত জাতিৰ পিতা মহাত্মা গান্ধীয়ে স্বাধীনতা আন্দোলনৰ বিভিন্ন ৰণ-কৌশল ৰচনা কৰিছিল ৷ 132 বছৰীয়া এই পৰিদৰ্শন বঙলাটোৰ পৰাই ৰচনা হৈছিল স্বাধীনতা আন্দোলনৰ বৃহৎ ৰণকৌশল ৷

জাতিৰ পিতা মহাত্মা গান্ধীয়ে জিৰণি লোৱা এটা বিশেষ বঙলা

1791 চনত বৃটিছে পোন প্ৰথমবাৰৰ বাবে অসমত প্ৰৱেশ কৰা দিন ধৰিয়ে শিলঘাটে এক বিশেষ মৰ্যাদা লাভ কৰি আহিছিল ৷ বৃটিছৰ শাসকৰ সঘন আহ-যাহৰ বাবে জিৰণি তথা অস্থায়ী আশ্ৰয়ৰ বাবে 1887 খ্ৰীষ্টাব্দত লুইতৰ পাৰতে শিলঘাটত বৃটিছে নিৰ্মাণ কৰিছিল এটা বিশেষ পৰিদৰ্শন বঙলা ৷

1921 চনত গান্ধীজীয়ে সমগ্ৰ ভাৰত ভ্ৰমণ কৰি অসহযোগ আন্দোলনৰ তাৎপৰ্য‍ ব্যাখা কৰিছিল ৷ যাৰদ্বাৰা তেঁও কানি-ভাং-মদ এৰি আৰু বিদেশী বস্তু বৰ্জন কৰি নিজে কপাহৰ সূতা কাটি কাপোৰ বৈ ল'বলৈ আহ্বান জনাইছিল ৷ সেই সময়ত অসমত জাতীয় কংগ্ৰেছৰ বিশেষ অস্তিত্ব নথকাত অসমত জাতীয় কংগ্ৰছৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে তৰুণৰাম ফুকন আৰু নবীন চন্দ্ৰ বৰদলৈয়ে এই সুযোগ গ্ৰহণ কৰি গান্ধীজীক অসমলৈ আমন্ত্ৰণ জনালে ।

এই আমন্ত্ৰণ ৰক্ষা কৰি 1921 চনৰ আগষ্ট মাহৰ 18 তাৰিখে ব্ৰহ্মপুত্ৰৰ বুকুয়েদি গুৱাহাটীত উপস্থিত হোৱাত মহাত্মা গান্ধীক অসমীয়া জনগণে বিপুল আদৰণি জনাইছিল ৷ গান্ধীজীৰ উপস্থিতিয়ে নৱ গঠিত কংগ্ৰেছ দলৰ কৰ্ম-কৰ্তাসকলৰ উপৰিও অসমীয়া জনগণক আলোড়িত কৰি তুলিছিল ৷ অসমৰ গুৱাহাটীৰ লগতে বৰাক, তেজপুৰ, ডিব্ৰুগড় আদি স্থান ভ্ৰমণ কৰি বৃটিছৰ বিৰুদ্ধে জনগণক সংঘৱদ্ধভাৱে আন্দোলনত ভাগ ল'বলৈ আহ্বান জনাইছিল ৷

1921 ৰ বৃটিছ শাসনৰ লগত জুই-পানীৰ অসযোগ চলি থাকোতেই অসমলৈ গান্ধীজীৰ আগমনে অসমীয়া লোকৰ পূৰ্বৰ বৃটিছ বিৰোধী স্থিতি অধিক তীব্ৰতৰ কৰি তুলিছিল ৷ গান্ধীজীয়ে তেজপুৰৰ ভ্ৰমণ সামৰি ডিব্ৰুগড়লৈ বুলি কৰা যাত্ৰা পথত কলিয়াবৰত উপস্থিত হৈছিল ৷ 1921 চনৰ 22 আগষ্ট তাৰিখে তেজপুৰৰ পৰা জাহজেৰে বৰলুইত পাৰ হৈ পুৱা 9:30 বজাত শিলঘাটত পদাৰ্পন কৰিছিল ৷

লগতে পঢ়কঃ মাইকযোগে অসমৰ লোকক ভাবুকি দিলে নগাই

শিলঘাটত উপস্থিত হৈয়ে এই বঙলাতে জিৰণি লৈ কলিয়াবৰৰ লগতে সমগ্ৰ মধ্য অসমৰে স্বাধীনতা আন্দোলনক গতি প্ৰদান কৰাৰ লগতে ইয়াৰ বুজ লৈছিল জাতিৰ পিতা গৰাকীয়ে ৷

এই বঙলাতে জিৰণি লৈ পিছদিনা কলিয়াবৰৰ কুঁৱৰীটোলৰ কলংপাৰৰ খেলপথাৰত আন্দোলনৰ বাবে ৰাইজক উদ্বুদ্ধ কৰি ভাষণ প্ৰদান কৰিছিল মহাত্মা গান্ধীয়ে ৷ পৰাধীন ভাৰতৰ স্বাধীনতা আন্দোলনৰ উকমুকনিৰ সময়তে ইংৰাজে সজোৱা এই পৰিদৰ্শন বঙলাটোৱে আজিও ইতিহাসৰ গৌৰৱোজ্জ্বল অধ্যায় বহন কৰি আহিছে ৷

লগতে পঢ়কঃ নগাঁও আৰক্ষীৰ জালত মাৰণাস্ত্ৰসহ চাৰি কুখ্যাত ডকাইত

Last Updated : Aug 14, 2021, 11:04 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.