ETV Bharat / state

ধনৰ অভাৱত সৎকাৰ কৰিব নোৱাৰি পুতি থ'লে বৃদ্ধাৰ মৃতদেহ

নগাঁৱত মৰ্মান্তিক ঘটনা ৷ । ধনৰ অভাৱৰ লগতে চুবুৰীয়াৰ অসহযোগিতাৰ বাবে পত্নীৰ সৎকাৰৰ ব্যৱস্থা কৰিব নোৱাৰি নিজ গৃহৰ চৌহদৰ পানী নথকা কুঁৱাত এগৰাকী বৃদ্ধই পুতি থ'লে পত্নীৰ মৃতদেহ ৷

author img

By

Published : Mar 19, 2019, 3:18 PM IST

নগাঁও, 19 মাৰ্চ : এক মৰ্মান্তিক ঘটনাই স্তম্ভিত কৰি তুলিছে নগাঁৱৰ চামগুৰিবাসীক । ধনৰ অভাৱৰ লগতে চুবুৰীয়াৰ অসহযোগিতাৰ বাবে পত্নীৰ সৎকাৰৰ ব্যৱস্থা কৰিব নোৱাৰি নিজ গৃহৰ চৌহদৰ পানী নথকা কুঁৱাত এগৰাকী বৃদ্ধই পুতি থ'লে পত্নীৰ মৃতদেহ ৷

এক মৰ্মান্তিক ঘটনা
চামুগুৰিৰ গেন্ধালীৰ আমগুৰিৰ ঘটনা এয়া ৷ গণেশ লোহাৰ নামৰ এগৰাকী লোকৰ পত্নী মইনু এক্কা লোহাৰৰ মৃত্যু হৈছিল দেওবাৰে ৷ দীৰ্ঘদিন ধৰি শাৰীৰিক অসুস্থতাত ভুগি অৱশেষত মৃত্যুক আঁকোৱালি লোৱা মহিলাগৰাকীৰ সৎকাৰৰ বাবে সোমবাৰে বিয়লি পৰ্যন্ত মহিলাগৰাকীৰ স্বামীক সহায়ৰ বাবে ওলাই নাহিল গাঁওখনৰ এজনো লোক ৷ আনকি নাহিল বৃদ্ধগৰাকীৰ পৰিয়ালৰ লোকো ৷ যাৰ বাবে উপায়ন্তৰ হৈ মহিলাগৰাকীৰ মৃতদেহ উৱলি যোৱাত মৃত্যুৰ দ্বিতীয় দিনামৃতদেহ পুতি থ'বলৈ বাধ্য হয় মহিলাগৰাকীৰ বৃদ্ধ স্বামী গণেশ লোহাৰে । ইপিনে এই খবৰে সকলোকে লজ্জানত কৰাৰ সময়তেই সোমবাৰে গাঁওখনৰ গাঁওবুঢ়াৰ লগতে স্থানীয় আৰক্ষী উপস্থিত হৈ মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে নগাঁও অসমাৰিক চিকিৎসা মহাবিদ্যালয়লৈ ৷পাচত সোমবাৰে মৃতদেহটো সৎকাৰ কৰা হয় ৷

A_NGN_801-811_19MRCH_HEART_TOUCHING_STORY_RAKIBUL_WAHID
VIS+BITE SEND BY FTP 

INTRO. নগাঁৱৰ চামুগুৰিত এক হৃদয় বিদাৰক ঘটনা। খেৰ, খৰিৰ অভাৱত সৎকাৰ কৰিব নোৱাৰি কবৰস্থ কৰা হৈছিল এগৰাকী মহিলাক।  মহিলাৰ মৃতদেহ উদ্ধাৰ কৰি সৎকাৰৰ ব্যৱস্থা কৰিলে স্থানীয় আৰক্ষী, গাওঁবুঢ়াৰ। 

Vo. হয় এক হৃদয়বিদাৰক ঘটনাই স্তম্ভিত কৰিছে নগাঁৱৰ চামুগুৰিবাসীক। কোনো লোকৰ সঁহাৰি, খৰি আদিৰ অভাৱত কবৰ দিবলগীয়া হল এগৰাকী হিন্দু ধৰ্মাৱলম্বী মহিলাক। ঘটনা চামুগুৰিৰ গেন্ধালীৰ আমগুৰিৰ। আমগুৰিৰ গণেশ লোহাৰ নামৰ এই লোকজনৰ পত্নী মইনু এক্কা লোহাৰৰ মৃত্যু হৈছিল দেওবাৰে। দীৰ্ঘদিন ধৰি শাৰীৰিক অসুস্থতাত ভুগি মৃত্যু বৰণ কৰা মহিলাগৰাকীক সোমবাৰে বিয়লি পৰ্যন্ত সৎকাৰ কৰিবলৈ ওলাই নাহিল পৰিয়াল তথা  স্থানীয় কোনো লোক । উপায়ন্তৰ হৈ মহিলাগৰাকীৰ মৃত্যুৰ দ্বীতীয় দিনা অৰ্থাৎ সোমবাৰে বিয়লি মাটিৰ তলত পুতি থবলৈ বাধ্য হয় স্বামী গণেশ লোহাৰে। এই খবৰে সকলোকে লজ্জানত কৰাৰ সময়ত সোমবাৰেই উপস্থিত হয় গাওঁবুঢ়াৰ লগতে স্থানীয় আৰক্ষী। আৰক্ষীয়ে মহিলাগৰাকীৰ পুতি থোৱা মৃতদেহ উদ্ধাৰ কৰি ব্যৱস্থা কৰে মৰণোত্তৰ পৰীক্ষাৰ। মৰণোত্তৰ পৰীক্ষাৰ অন্তত
মঙলবাৰে স্থানীয় আৰক্ষী আৰু গাওঁবুঢ়ায় সৎকাৰ কৰিব মহিলাগৰাকীক। 
Bite
--------------------------------
নগাঁৱৰ পৰা ৰকিবুল ওৱাহিদ, ই টি ভি ভাৰত অসম
   19-3-19
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.