ETV Bharat / state

এখন অৱহেলিত চৰকাৰী চিকিৎসালয়ঃ স্বাস্থ্যসেৱাৰ পৰা বঞ্চিত নৈপৰীয়া ৰাইজ

author img

By

Published : Sep 8, 2020, 9:04 PM IST

চিকিৎসালয় আছে যদিও চিকিৎসক নথকাত চিকিৎসাৰ পৰা বঞ্চিত হবলগীয়া হয় নৈপৰীয়া ৰাইজ । যাৰ ফলতেই চিকিৎসালয়খনত এনেদৰে দমে-দমে পৰি আছে ম্যাদ উকলা ঔষধ।

a government hospital without proper maintain
এখন অৱহেলিত চৰকাৰী চিকিৎসালয়

নগাঁও, 8 ছেপ্তেম্বৰঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত চৰকাৰী ঔষধ বিচাৰি হাহাকাৰ কৰাৰ সময়তে এখন চিকিৎসালয়ত দ'মে দ'মে পৰি আছে ম্যাদ উকলা ঔষধ। সৰ্বদিশতে অৱহেলিত নৈপৰীয়া ৰাইজৰ চিকিৎসাৰ বাবে কোটি টকীয়া ব্যয়েৰে স্থাপন কৰা চিকিৎসালয়ত নাই নাৰ্ছ, পৰ্য্যপ্ত চিকিৎসক, স্বাস্থ্য কৰ্মী। যাৰ ফলত চিকিৎসালয় থাকিও চিকিৎসাৰ পৰা বঞ্চিত নৈপৰীয়া ৰাইজ। প্ৰায়েই চিকিৎসালয়খনৰ দুৱাৰত ওলমি থাকে তলা। মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই স্বাস্থ্য খণ্ডৰ উন্নয়নৰ ঢাক ঢোল বজোৱাৰ সময়তে নৈপৰীয়া ৰাইজে হাহাকাৰ কৰিবলগীয়া হয় চিকিৎসাৰ বাবে। ক'ত আছে এই চিকিৎসালয়খন ? আমাৰ এক বিশেষ প্ৰতিবেদন।

নগাঁও জিলাৰ লাওখোৱাৰ ভগামুখ নৈপৰীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অৱহেলিত ৰূপ । যাতায়ত, শিক্ষা, বিশুদ্ধ খোৱাপানীকে আদি কৰি সৰ্বদিশতে অৱহেলিত হৈ অহা নৈপৰীয়া ৰাইজৰ চিকিৎসাৰ সু ব্যৱস্থাৰ বাবে ২০১২ চনতে স্থাপন কৰা হৈছিল ভগামুখ নৈপৰীয়া স্বাস্থ্য কেন্দ্ৰ। কোটি টকা ব্যয় সাপেক্ষে কংগ্ৰেছ চৰকাৰৰ দিনতে স্থাপন কৰা চিকিৎসালয়খনত চিকিৎসক, স্বাস্থ্য কৰ্মী থকাৰ বাবে আছে আবাসগৃহ। কিন্তু নাথাকে কোনো স্বাস্থ্য কৰ্মী অথৱা চিকিৎসক। আচলতে চিকিৎসালয়খনত এই পৰ্য্যন্ত নিযুক্তি দিয়া নাই এগৰাকীও নাৰ্ছ অথবা স্বাস্থ্য কৰ্মী। নামত মাত্ৰ এগৰাকী চিকিৎসক নিযুক্তি দিয়া হৈছে যদিও সপ্তাহত মাত্ৰ এদিন দুদিন হে উপস্থিত থাকে চিকিৎসক। মাত্ৰ দুই এক ঘণ্টা চিকিৎসকগৰাকী উপস্থিত থকাৰ বিপৰীতে অধিক সময় তলা লগোৱা থাকে চিকিৎসালয়খনত।

এখন অৱহেলিত চৰকাৰী চিকিৎসালয়

চিকিৎসালয় আছে যদিও চিকিৎসক নথকাত চিকিৎসাৰ পৰা বঞ্চিত হ'বলগীয়া হয় নৈপৰীয়া ৰাইজ । যাৰ ফলতেই চিকিৎসালয়খনত এনেদৰে দমে দমে পৰি আছে ম্যাদ উকলা ঔষধ। যিসময়ত বহু চৰকাৰী চিকিৎসালয়ত ঔষধ বিচাৰি ৰোগীয়ে কৰিবলগীয়া হয় হাহাকাৰ তেনে সময়ত চিকিৎসালয়ৰ ভিতৰতে বৃহৎ পৰিমাণৰ ঔষধৰ ম্যাদ উকলা কাৰ্য সহজভাৱে ল'ব পৰা নাই স্থানীয় লোকে।

উন্নয়নৰ ঢাক ঢোল কোবোৱা মন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ স্বাস্থ্য বিভাগৰ চৰম অৱহেলা আৰু দায়িত্ব জ্ঞানহীনতাৰ বাবেই চৰকাৰৰ বৃহৎ পুঁজি ব্যয় কৰাৰ পিছতো চিকিৎসাৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে নৈপৰীয়া ৰাইজ । এতিয়া প্ৰশ্ন হয় এনে চিকিৎসালয়সমূহত পৰ্য্যপ্ত চিকিৎসক, স্বাস্থ্য কৰ্মী নিযুক্তি দিব নে এনেদৰেই এদিন জহি খহি যাব কোটিটকীয়া স্বাস্থ্য কেন্দ্ৰটো ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.