ৰহা/চামগুৰি: পত্নীক নিৰ্যাতন চলোৱা চিকিৎক আৰক্ষীৰ জালত ৷ প্ৰায় এবছৰ ধৰি আত্মগোপন কৰি আছিল অভিযুক্ত চিকিৎসক গৰাকীয়ে (Doctor arrested by Police) ৷ 2021 চনত ৰণথলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ জ্যেষ্ঠ চিকিৎসক ডাঃ গজেন চন্দ্ৰ নাথৰ বিৰুদ্ধে পত্নীক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছিল ৷ চিকিৎসকজনৰ পত্নীয়ে এই সন্দৰ্ভত ৰহা থানাত দাখিল কৰিছিল এখন এজাহাৰ ৷ কিন্তু তাৰ পাচৰ পৰাই পলাতক অৱস্থাত আছিল জ্যেষ্ঠ চিকিৎসক গজেন চন্দ্ৰ নাথ ৷ আনকি এবছৰে চিকিৎসালয়লৈও যোৱা নাছিল তেওঁ ৷
আৰক্ষীয়ে দীৰ্ঘদিন সন্ধান চলায় অৱশেষত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় চিকিৎসকজনক ৷ চামগুৰিৰ পহুকটাত আত্মগোপন কৰি থকা অৱস্থাতে আৰক্ষীয়ে আটক কৰে নিজ পত্নীক উপৰ্জুপৰি নিৰ্যাতন চলোৱা স্বামী গজেন্দ্ৰ নাথক (Doctor booked under various criminal charges)। দীৰ্ঘদিন ধৰি অভিযুক্ত নাথে আত্মগোপন কৰি আছিল চামগুৰি পহুকটাৰ এঘৰ লোকৰ বাসগৃহত । জানিব পৰা মতে, সেইখন চিকিৎসকজনৰ মোমায়েকৰ ঘৰ ৷
অৱশেষত পত্নীক নিৰ্যাতন চলাই আৰক্ষীৰ চকুত ধূলি দি চামগুৰিত আত্মগোপন কৰি থকাৰ অৱস্থাতে চামগুৰি আৰক্ষীয়ে আটক কৰে অভিযুক্ত গজেন্দ্ৰ নাথক । আৰক্ষীয়ে জব্দ কৰিলে গজেন্দ্ৰ নাথৰ পৰা দুখনকৈ বিলাসী বাহন । চিকিৎসক গজেন্দ্ৰ নাথৰ বিৰুদ্ধে ৰহা থানাত জামিন বিহীন ধাৰাত ৰুজু হৈ আছে গোচৰ । ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা 494, 326, 30, 202, 506, 44, 354, 509, 382 আৰু 34 ৰ অধীনত গোচৰ ৰুজু কৰা বুলি জনাইছে আৰক্ষীয়ে ৷
লগতে পঢ়ক : তিনিচুকীয়াৰ বিলাসী হোটেলত ওলমিল তলা