বটদ্ৰৱা, 3 জুনঃ বটদ্ৰৱাৰ এগৰকী আৰক্ষী জোৱান ! নাম ঋষিকেশ বৰা ৷ বন্দুক, বাৰুদৰ সৈতে নিতৌ খেলা কৰা এই আৰক্ষী জোৱান জন আন এক নিপুন কলাৰ অধিকাৰী ৷ তেওঁৰ হাতৰ পৰশত প্ৰাণ পাই উঠে জড় হৈ পৰি থকা কাঠ, বাঁহৰ টুকুৰা ৷ নিজৰ দায়িত্ব আৰু কৰ্তব্য নিষ্ঠাৰে পালন কৰি জোৱান গৰাকীয়ে আজৰি সময়ত কাঠ, বাঁহত খোদিত কৰে এটাৰ পাচত আনটো প্ৰতিমূৰ্তি ৷
হস্তশিল্পীৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত নগাঁৱৰ কঠিয়াতলীৰ বিলছাআটি গাঁৱৰ জিতেন কুমাৰ বৰাৰ জ্যেষ্ট পুত্ৰ জোৱান গৰাকীয়ে, সৰুৰে পৰাই পিতৃৰ পৰা এই শিল্পৰ জ্ঞান আয়ত্ব কৰি অব্যাহত ৰাখিছে শিল্পৰ সাধনা ৷ বটদ্ৰৱা আৰক্ষী চকীৰ আৰক্ষী জোৱান গৰাকীৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে কাঠৰ বটা, বাতি, শৰাই, বাঘ, কৃষ্ণমূৰ্তি আদিয়ে ৷
লগতে পঢ়কঃ বহিঃৰাজ্যৰ পৰা অহা যুৱক-যুৱতীৰ বাবে 'সুদক্ষ' আঁচনি মুকলি !