ETV Bharat / state

বন্যহস্তীৰ আক্ৰমণত যুৱকৰ মৃত্যু: দুগৰাকীকৈ বন বিষয়াক বদলি - MINISTER CHANDRAMOHAN PATOWARY

নলবাৰীত আত্মসহায়ক গোটলৈ চৰকাৰী সাহায্য প্ৰদান । নলবাৰীত হাতীৰ উপদ্ৰৱ ৰোধ কৰিবলৈ জিলা প্ৰশাসনে কেম্প নিৰ্মাণ কৰাৰ কথা উল্লেখ বনমন্ত্ৰীৰ ।

Minister Chandramohan Patowary React over Nalbari Elephant Attack cases
নলবাৰীত আত্মসহায়ক গোটলৈ চৰকাৰী সাহায্য প্ৰদান (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : 5 hours ago

নলবাৰী: নলবাৰীত 'বিকাশৰ বাৰদিন' কাৰ্যসূচীত অংশগ্ৰহণ কৰি সাংবাদিকৰ আগত নলবাৰীত বন্যহস্তীৰ উপদ্ৰৱত মিন্টু বৰ্মন নামৰ এজন যুৱক নিহত হোৱাৰ প্ৰসংগত প্ৰতিক্ৰিয়া ব্যক্ত কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে । মন্ত্ৰীগৰাকীয়ে কয়, "বন্যহস্তীৰ উপদ্ৰৱ ৰোধ কৰিবলৈ ইতিমধ্যে নলবাৰী, বাক্সা, তামুলপুৰ আৰু ওদালগুৰি জিলা প্ৰশাসনৰ এখন যুটীয়া সমিতি গঠন কৰি দিয়া হৈছে । ভূটানৰ পৰা নামি অহা হাতীক বাক্সা জিলাৰ পৰা ভূটানলৈ ঘূৰাই পঠিওৱাত ব্যৰ্থ হৈছে ।"

তেওঁ লগতে কয়, "নলবাৰীত পূৰ্বতে হাতীৰ কোনো বিচৰণ নাছিল যদিও হাতীৰ জাকে বাক্সা জিলাৰ সীমাৰে নলবাৰী জিলাত প্ৰৱেশ কৰিছে । নলবাৰী জিলা প্ৰশাসন আৰু বন বিভাগে হাতীৰ জাকটোক খেদি বাক্সা জিলাত পঠিওৱাৰ পিছত বাক্সা জিলাৰ বন বিভাগে ভূটানলৈ পঠিয়াব নোৱাৰিলে । তাৰ বাবে নলবাৰী আৰু বাক্সা জিলাৰ সীমান্তত কেম্প বহোৱা হ'ব ।"

নলবাৰীত আত্মসহায়ক গোটলৈ চৰকাৰী সাহায্য প্ৰদান (ETV Bharat Assam)

ইফালে বৃহস্পতিবাৰে গোবিন্দপুৰৰ যুৱকজন নিহত হোৱা ঘটনাক লৈ নলবাৰী জিলাৰ ৰেঞ্জাৰ আৰু বাক্সা জিলাৰ DFO জনক বদলি কৰা বুলি সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া আগবঢ়ায় বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে । আনহাতে হাতীৰ জাক খেদি পঠিওৱাত ব্যৰ্থ বন বিভাগৰ ওপৰত চালি জাৰি চাই ব্যৱস্থা গ্ৰহণৰো আশ্বাস বনমন্ত্ৰীগৰাকীৰ ।

উল্লেখ্য যে, বিকাশৰ বাৰদিন কাৰ্যসূচীত মন্ত্ৰীগৰাকীয়ে নলবাৰীত আত্মসহায়ক গোটলৈ আগবঢ়াই চৰকাৰৰ আৰ্থিক সাহায্য । ৰাজ্য চৰকাৰৰ 'বিকাশৰ বাৰদিন' শীৰ্ষক কাৰ্যসূচীত অসম মাইক্ৰ ফাইনেঞ্চ উদগনি আৰু সকাহ আঁচনিৰ অধীনত শুকুৰবাৰে তৃতীয় বৰ্গৰ ঋণীলৈ দ্বিতীয় পৰ্যায়ত আনুষ্ঠানিকভাৱে ২৮৯৭ গৰাকী হিতাধিকাৰীক ন' ডিউজ চাৰ্টিফিকেট প্ৰদান কৰা হয় । মহিলাৰ আৰ্থিক সৱলীকৰণৰ বাবে এই বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি জনাই মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে । আনুষ্ঠানিকভাৱে এই কাৰ্যসূচী মুকলি কৰাৰ লগতে অসম ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ জৰিয়তে ডি ডি এম এ ৰিলিফ ডি বি টি আঁচনিৰে প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত ১৭৩১৩ গৰাকী হিতাধিকাৰীক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে আৰ্থিক সাহায্য প্ৰদান কৰে । অসংগঠিত ক্ষুদ্ৰ খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ সমুহক আনুষ্ঠানিকীকৰণ কৰি তোলাৰ বাবে ১৬০ গৰাকী হিতাধিকাৰীৰ মাজত আৰ্থিক সাহায্য প্ৰদান কৰা হয় ।

লগতে পঢ়ক: ভূটান ভ্ৰমণে বিকাশৰ কেন্দ্ৰ হিচাপে অসমৰ ভূমিকাৰ প্ৰতিফলন ঘটাইছে: মুখ্যমন্ত্ৰী - ASSAM CM ON BHUTAN VISIT

কংগ্ৰেছৰ জনতা ভৱন ঘেৰাও কাৰ্যসূচী: হোটেলতে আবদ্ধ যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি - UDAY BHANU CHIB HOUSE ARREST

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.