বঢ়মপুৰ,24 মে’: দেওবাৰে বিয়লি নগাঁৱৰ ৰাঙলু গড়াবাৰীত সংঘটিত হৈছে এক অঘটন ৷ পথৰ কাষৰ নিৰ্মীয়মান এটা নলাত পৰি মৃত্যু হৈছে এটি 6 বছৰীয়া শিশুৰ ৷ নিহত শিশুটি হবিবুৰ ৰহমানৰ পুত্ৰ মকচিদুল হক বুলি জানিব পৰা গৈছে ৷
জানিব পৰা মতে, সমনীয়াৰ খেলি থকা অৱস্থাত হঠাৎ পথৰ কাষত থকা নলাত পৰি যায় শিশুটি ৷ সন্ধিয়া পৰলৈকে শিশুটিৰ কোনো খবৰ নাপাই, বিচাৰ-খোচাৰ কৰাৰ অন্তত নিৰ্মীয়মান নলাটোত মৃত অৱস্থাত উদ্ধাৰ কৰা হয় শিশুটিক ৷ শিশুটিৰ মৃতদেহ উদ্ধাৰ হোৱাৰ লগে লগে এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় ৰাঙলু গড়াবাৰীত ৷
ৰাইজে অভিযোগ কৰা অনুসৰি, ৰাঙলু গড়াবাৰী নিবাসী লাল নামৰ এগৰাকী ব্যক্তিয়ে খান্দিছিল নলাটো ৷ দুৰ্ঘটনা হোৱাৰ আশংকাত বহুবাৰ নলাটো পুঁতি পেলাবলৈ ৰাইজে অনুৰোধ কৰিছিল ৷ কিন্তু ৰাইজৰ কোনো কথাকে গুৰুত্ব নিদিলে লাল নামৰ ব্যক্তিগৰাকীয়ে ৷ যাৰ ফলত দেওবাৰে বিয়লি সংঘটিত হয় এই শোকাৱহ ঘটনাটো ৷
পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় কঠিয়াতলী আৰক্ষী ৷ নিশাই কঠিয়াতলী আৰক্ষীয়ে শিশুটিৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে ৷
লগতে পঢ়ক: তিনিচুকীয়াৰ চিৰাপট্টিত ভয়ংকৰ অগ্নিকাণ্ড