ETV Bharat / state

কামপুৰত পিতৃৰ হাতত প্ৰাণ গল 7 বছৰীয়া পুত্ৰৰ

author img

By

Published : Oct 11, 2020, 1:52 PM IST

কামপুৰত সংঘটিত হৈছে এক নৃশংস ঘটনা ৷ পিতৃয়ে হত্যা কৰিলে পুত্ৰক ৷ আটক কৰা হৈছে পিতৃক ৷ আৰক্ষীৰ তদন্ত আৰম্ভ ৷

A 7-year-old son died at the hands of his father in nagaon Kampur
কামপুৰত পিতৃৰ হাতত প্ৰাণ গল 7 বছৰীয়া পুত্ৰৰ

কামপুৰ, 11 অক্টোবৰ : কামপুৰ কচুৱাৰ 1 নং জুকুটাত সংঘটিত হৈছে এক নৃশংস ঘটনা । পিতৃৰ হাতত প্ৰাণ গ'ল পুত্ৰৰ ৷ দেওবাৰে পুৱা কচুৱা আৰক্ষী থানাৰ অন্তৰ্গত 1 নং জাকাটাত সংঘটিত হয় ঘটনাটো ।

অভিযোগ অনুসৰি, অতুল বিশ্বাস নামৰ পিতৃয়ে মৰিয়াই মৰিয়াই হত্যা কৰিলে সাত বছৰীয়া পুত্ৰ সমীৰ বৰ্মনক ৷ উল্লেখযোগ্য যে, অতুল বিশ্বাসৰ পত্নী চুকলা বিশ্বাসৰ পূৰ্বৰ স্বামীৰ সন্তান আছিল সমীৰ বৰ্মন ।

অভিযুক্ত পিতৃৰ মন্তব্য

জানিব পৰা মতে, পত্নীৰ পূৰ্বৰ স্বামীৰ সন্তানটোক গ্ৰহণ কৰি ল'ব পৰা নাছিল অতুল বিশ্বাসে । প্ৰায়ে উক্ত বিষয়ক লৈ সংঘাত সৃষ্টি কৰিছিল অতুল বিশ্বাসে । যাৰবাবে দেওবাৰে এনে সংঘাতৰ চৰম পৰিণিতিৰ ফলতেই এই ঘটনা সংঘটিত হয় ।

স্থানীয় লোকৰ মন্তব্য

উল্লেখ্য যে, ঘটনাস্থলীত ইতিমধ্যে কচুৱা আৰক্ষী উপস্থিত হৈ অতুল বিশ্বাসক আটক কৰাৰ লগতে তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : নাৰী নিৰ্যাতনৰ বিৰুদ্ধে দিঘলীপুখুৰীৰ পাৰত প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.