কলিয়াবৰ,17 মে': 549 বছৰ গৰকা কলিয়াবৰৰ জয়ন্তীপুৰৰ বৰ মছজিদত ৰমজান মাহৰ জুম্মাৰ নামাজ ৷ সাতখন সত্ৰৰে আগুৰি থকা অসমীয়া মুছলমান গাঁৱৰ গাঁওবাসী সাজু হৈছে হেঁপাহৰ ঈদলৈ ৷
আহোম স্বৰ্গদেউ চুহুংমুং দিহিঙীয়াৰ দিনত 1532 চনত মুছলমান সেনাপতি তুৰ্বকে অসম আক্ৰমণ কৰিছিল। প্ৰথমবাৰ তুৰ্বক জয়ী হয় যদিও দ্বিতীয়বাৰ আহোমে পৰাস্ত কৰি তুৰ্বকক মাৰি 900 মুছলমান সৈন্য বন্দী কৰিলে। ৰজাই এই বন্দীসলক বিনা পৰিশ্ৰমেৰে খাবলৈ নিদি পিতলৰ সাজ-বাচন তৈয়াৰ কৰা কামত নিয়োজিত কৰিলে। এইসকল সৈন্যই অসমৰ মাটিকে সাৱটি মৰিয়া নামেৰে খ্যাত হ'ল। মূলত পাঠান মূলৰ এই লোকসকল মোৰাদাবাদৰ পিতল শিল্পৰ লগত উপৰিপুৰুষৰ পৰা জড়িত আৰু মৰিয়াই-মৰিয়াই পিতলৰ বাচন-বৰ্তন তৈয়াৰ কাৰণে মৰিয়া বুলি কোৱা হয় এওঁলোকক। অন্য এক তথ্য মতে, কোনো-কোনো ঠাইত মৰিয়া সম্প্ৰদায়ৰ লোকসকলে মাৰৈ পূজা পাতে আৰু সুকন্নানী ওজা গায়। মাৰৈ পূজা কৰা বাবেও তেওঁলোকক মৰিয়া বুলি কয়।
সম্পূৰ্ণ অসমীয়া ভাষা-সংস্কৃতি আকোঁৱালি লোৱা মৰিয়া সম্প্ৰদায়ৰ লোকসকলে বসবাস কৰা কলিয়াবৰ মহকুমাৰ এখন গাঁও, মৰিয়া গাঁও,নতুন নাম জয়ন্তীপুৰ। কলিয়াবৰৰ মৰিয়াসকলে পূজা-পাতল,আইসেৱা,গোপিনী সেৱা,ভকত সেৱা,বিয়া নাম,বিহু উৎসৱ আদি পালন কৰি আহিছে। জয়ন্তীপুৰ গাঁওখনৰ চাৰিওফালে অসমীয়া হিন্দু লোকৰ গাঁও। লগতে আছে সাতখনকৈ সত্ৰ। ছ-অৰা এখন সত্ৰৰে পৰিবেষ্টিত সত্ৰীয় সংস্কৃতিৰ পীঠস্থান কলিয়াবৰত সেয়ে এনেধৰণৰ সংস্কৃতিৰ প্ৰভাৱ পৰা বুলি থাৱৰ কৰিব পাৰি।
এই গাঁৱতে আহোমৰ দিনত নিৰ্মিত হৈছিল প্ৰথমটো মছজিদ।1570 চনত স্থাপন হোৱা এই মছজিদটোৱে পাৰ কৰিছে 549টা গৌৰৱোজ্জ্বল বছৰ। আহোম ৰজাই কুঁৱৰীটোলৰ জয়ন্তীপুৰত স্থায়ীভাৱে মৰিয়াসকলক বসবাস কৰিবলৈ দিয়াৰ পাচত প্ৰথমটো মছজিদ নিৰ্মাণ কৰা হৈছিল। এই মছজিদ ৰাইজে নিজেই সাজিছিল।
উল্লেখযোগ্য যে, মছজিদৰ নিৰ্মাণৰ কাম কৰোতে গাঁৱৰ প্ৰত্যেক ঘৰৰ পৰা কৰাই গুৰি আৰু খোলা পিঠা দিব লাগিছিল।ঐতিহ্যমণ্ডিত গাঁওখনত ধৰ্মীয় পৰম্পৰা আৰু উলহ-মালহেৰে পালিত হৈছে পবিত্ৰ ৰমজান মাহ। বৰ মছজিদত মাহ-এ-ৰমজানৰ পবিত্ৰ নামাজত ভাগ লৈছে গাঁওবাসী। ঈদ পালনৰ বাবে সাজু হৈছে প্ৰতিজন।