ETV Bharat / state

Tirubhav Tithi of Srimanta Sankardev: আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 455 সংখ্যক তিৰোভাৱ তিথি, কলিয়াবৰতো ব্যাপক প্ৰস্তুতি - Tirobhava Tithi of Sankardeva Observed in Assam

আজি শ্ৰীমন্ত শংকৰদেৱৰ 455 সংখ্যক তিৰোভাৱ তিথি ৷ ৰাজ্যৰ সত্ৰ-নামঘৰত হৰি নামৰ ধ্বনিৰে মুখৰিত ৷

Tirobhava Tithi of Srimanta Sankardeva
আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 455 সংখ্যক তিৰোভাৱ তিথি
author img

By ETV Bharat Assamese Team

Published : Sep 16, 2023, 10:02 AM IST

Updated : Sep 16, 2023, 1:11 PM IST

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 455 সংখ্যক তিৰোভাৱ তিথি

কলিয়াবৰ, 16 ছেপ্টেম্বৰ : ‘‘হৰি নাম ৰসে বৈকুণ্ঠ প্রকাশে প্ৰেম অমৃতৰ নদী । শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে বহে ব্ৰহ্মাণ্ডক ভেদি ৷’’ জাতি, বৰ্ণ, ভাষা, ধৰ্ম নিৰ্বিশেষে সকলোকে এডাল ডোলেৰে গাঁঠি অসমীয়া জাতিৰ ভেঁটি প্ৰতিষ্ঠা কৰি থৈ যোৱা অসমৰ যুগদ্ৰষ্টা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আজি 455 সংখ্যক তিৰোভাৱ তিথি ৷ অসমীয়া কৃষ্টি-সংস্কৃতি, বিভিন্ন জাতি-জনজাতিক একতাৰ ডোলোৰে বান্ধি ৰখা জগত গুৰু মহাপুৰুষ শ্ৰীমন্তশংকৰদেৱৰ তিৰোভাৱ তিথি উপলক্ষ্যে পুৱাৰ পৰা ৰাজ্যৰ সত্ৰ-নামঘৰত হৰি নামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে ৷

’’শ্ৰীমন্ত শঙ্কৰে প্ৰকাশিলা গোৱিন্দৰ

গুণ-নাম-যশজগতৰ লোকে পৰম আনন্দে গাৱে।

হেনয় শঙ্কৰ গুৰু বিনে কমন

কাৰণে আন জনেলোকৰ মাজত আপুনি গুৰু বোলাৱে ৷’’

1490 শকৰ (1568 খ্ৰীষ্টাব্দ) ভাদ মাহৰ শুক্লা দ্বিতীয়া তিথিত কবি,নাট্যকাৰ, গীতিকাৰ, অভিনেতা, গায়ক, বাদক, নৃত্যশিল্পী, চিত্ৰকৰ জগত গুৰুজনা মধুপুৰত বৈকুণ্ঠগামী হৈছিল । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমীয়া জাতিক এক মহাশক্তি প্রদান কৰি থৈ গৈছিল যিয়ে আমাক আজিও একতাৰ জৰীৰে বান্ধি ৰাখিছে । শ্ৰীমন্ত শংকৰদেৱে নিজৰ নীতি, আদৰ্শ, ধৰ্মৰ বাণী প্ৰচাৰ কৰি সোণৰ অসম গঢ়িছিল । এই গৰাকী গুৰুৰ সৃষ্টি আজিও জিলিকি আছে ৷ শ্ৰীমন্ত শংকৰদেৱে জনজাতীয় সমাজকেই নহয়, হিন্দু জাতিভেদ প্রথাৰো সংকীর্ণতা জয় কৰিব পৰা আৱেগিক প্রেৰণা আৰু গতিশীলতাৰ প্ৰবাহক প্রৱাহিত কৰি তুলিছিল ধৰিছিল ৷

গুৰুজনাৰ পবিত্ৰ তিৰোভাৱ তিথি পালনৰ বাবে কলিয়াবৰৰ ছ-অঁৰা সত্ৰতো ব্যাপক প্ৰস্তুতি চলিছে ৷ মাধৱদেৱ বিৰচিত বৰগীত আৰু ঘোষাৰে গুৰুজনালৈ সেৱা নিবেদিছে নীলপৱন বৰাই । খোল আৰু বাঁহী সংগত কৰিছে ভাৰ্গৱজ‍্যোতি শইকীয়াই ।

লগতে পঢ়ক:Public Protest in Nagaon: সুলভ মূল্যৰ দোকানীৰ বিৰুদ্ধে চৰকাৰী চাউলৰ লুণ্ঠনৰ অভিযোগেৰে উত্তপ্ত নগাঁও

Last Updated : Sep 16, 2023, 1:11 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.