নগাঁও, 25 জুন : নগাঁওৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ শিক্ষকে দেখুৱাইছে মহানুভৱতা। শিশু আৰু মহিলাৰ বাবে মহাবিদ্যালয়ত স্থাপন কৰা ক'ভিড কেয়াৰ কেন্দ্ৰত ভৰ্তি হোৱা শিশুসকলৰ বাবে গ্ৰহণ কৰিছে বিশেষ ব্যৱস্থা । প্ৰতি মুহূৰ্ততে ৰোগীসকলক নিজে নিৰীক্ষণ কৰিছে শিক্ষকসকলে । শেহতীয়াকৈ কৰ্কট ৰোগত আক্ৰান্ত এটি চাৰিবছৰীয়া ক'ভিড পজিটিভ শিশু চিকিৎসাধীন হৈ আছে মহাবিদ্যালয়খনৰ ক'ভিড কেয়াৰ কেন্দ্ৰত । সঁচাকৈ নিয়তিৰ নিষ্ঠুৰ পৰিহাস ৷
এটি কুমলীয়া শিশুৰ জীৱনলৈ কঢ়িয়ায় আনিছে এটাৰ পাচত আনটো বিপদ ৷ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয় ক'ভিড কেয়াৰ কেন্দ্ৰত চিকিৎসাধীন হৈ আছে এটি মৰমলগা শিশু ৷ পিছে এই শিশুটি পূৰ্বতে সুস্থ নাছিল ৷ কৰ্কট ৰোগত আক্ৰান্ত হৈ থকা এই দুৰ্ভগীয়া শিশুটি পুনৰ ক’ভিডত আক্ৰান্ত হৈছে ৷ মাত্ৰ চাৰিবছৰীয়া এই শিশুটি বৰ্তমান চিকিৎসাধীন হৈ আছে নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ ক'ভিড কেয়াৰ কেন্দ্ৰত ৷
চাৰি বছৰ বয়সতে কৰ্কট ৰোগত আক্ৰান্ত নগাঁৱৰ বেবেজীয়াৰ জিতু মণ্ডল নামৰ এই মৰমলগা শিশুটিক গুৱাহাটীৰ পৰা চিকিৎসা কৰি উভতি অহাৰ সময়ত চাপৰমুখত ক'ভিড পৰীক্ষা কৰাত শিশুটিৰ দেহত ধৰা পৰিছে ক'ভিড -19 ৰ অৱস্থিতি ।
কৰ্কট ৰোগত আক্ৰান্ত শিশুটি পুনৰ কৰ'ণাত আক্ৰান্ত হোৱাত চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোক । বুধবাৰে শিশুটিক ভৰ্তি কৰা হয় নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ত স্থাপন কৰা মহিলা আৰু শিশু ক'ভিড কেয়াৰ কেন্দ্ৰত । শিশুটিৰ চিকিৎসাৰ ক্ষেত্ৰত তৎপৰ হৈ আছে ক'ভিড কেয়াৰ কেন্দ্ৰটোত নিয়োজিত চিকিৎসকৰ দল । বিশেষকৈ কস্তুৰী পাল নামৰ এইগৰাকী মহিলা চিকিৎসকে শিশুটিৰ চিকিৎসাৰ ক্ষেত্ৰত প্ৰদান কৰিছে বিশেষ গুৰুত্ব। সম্প্ৰতি শিশুটি সংকটমুক্ত বুলি জনাইছে চিকিৎসকে ।
আন শিশুসকলৰ লগতে এই শিশুটিকো সাহস দিয়াৰ উদ্দেশ্যে পি পি ই কিট পৰিধান কৰি ক’ভিড কেয়াৰ কেন্দ্ৰত প্ৰৱেশ কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ সুৰজিত ভাগৱতীয়ে । শিশুসকলৰ মাজত বিতৰণ কৰিছে চকলেট আদি শিশুৰ বিভিন্ন প্ৰিয় খাদ্য । নগাঁৱৰ ঐতিহ্যমণ্ডিত আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ত বিগত 18 মে'ৰ পৰা মহিলা আৰু শিশুৰ বাবে স্থাপন কৰা হৈছিল ক'ভিড কেয়াৰ কেন্দ্ৰ ।
প্ৰথমৰ পৰাই নৃত্য গীতেৰে ক'ভিড আক্ৰান্ত মহিলাসকলৰ মনোবল বৃদ্ধি কৰিবলৈ সক্ষম হোৱা ক'ভিড কেয়াৰ কেন্দ্ৰটোৰ পৰা এইপৰ্যন্ত 552 গৰাকী মহিলা, 30 গৰাকী শিশু সুস্থ হৈ ঘৰলৈ উভতিছে ৷ জিলাখনত বহুকেইগৰাকী শিশু ক'ভিড -19 ত আক্ৰান্ত হোৱাৰ সময়তো স্বাস্থ্য বিভাগে শিশুসকলৰ বাবে কোনো বিশেষ ব্যৱস্থাগ্ৰহণ কৰা নাই । যাক লৈ উদ্বিগ্ন এতিয়া সচেতন মহল ।
অসমৰ একমাত্ৰ মহাবিদ্যালয়ত স্থাপন কৰা ক’ভিড কেয়াৰ কেন্দ্ৰটোত বৰ্তমানো চলে নাম প্ৰসংগ । প্ৰায় প্ৰতিটো মুহূৰ্ত নিৰীক্ষণ কৰে মহাবিদ্যালয়খনৰ শিক্ষকসকলে । ক'ভিড কেয়াৰ কেন্দ্ৰটোত সেৱা আগবঢ়োৱা আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যক সুৰজিত ভাগৱতীসহ শিক্ষকসকলৰ শলাগ লৈছে নগাঁওবাসীয়ে ।
লগতে পঢ়ক:ক'ভিডত ক্ষতিগ্ৰস্ত সৰ্বসাধাৰণ জনতা: ইটিভি ভাৰতৰ বিশেষ প্ৰতিবেদন