ETV Bharat / state

গুৱাহাটীৰ পৰা খোজকাঢ়ি ৰহাত উপস্থিত 4 জন লোক - ৰহা

গুৱাহাটীৰ পৰা খোজকাঢ়িয়েই উপস্থিত হয় ৰহাত চাৰিজনকৈ লোক ৷ নগাঁও জিলা প্ৰশাসনে আটাইকেইজন লোকক স্বাস্থ্য পৰীক্ষা কৰে ৷ তেওঁলোকৰ স্বাস্থ্য পৰীক্ষাৰ অন্তত ইতিমধ্যে আটাইকেইজন লোককে নিজ ঘৰলৈ পঠিওৱাৰ ব্যৱস্থা কৰে নগাঁও জিলা প্ৰশাসনে ।

ETV BHARAT
গুৱাহাটীৰ পৰা খোজকাঢ়ি ৰহাত উপস্থিত 4 জন লোক
author img

By

Published : Apr 27, 2020, 12:58 PM IST

ৰহা, 27 এপ্ৰিলঃ গুৱাহাটীৰ পৰা খোজকাঢ়িয়েই নিশা ৰহাত উপস্থিতি হয় চাৰিজন লোক ৷ চৰকাৰী হেল্প লাইন নম্বৰলৈ ফোন কৰি সুফল নোপোৱাত খোজ কাঢ়িয়েই নিজ নিজ ঘৰলৈ ওভতি যোৱাৰ চেষ্টা কৰে লোক কেইজনে ৷

গুৱাহাটীৰ পৰা খোজকাঢ়ি ৰহাত উপস্থিত 4 জন লোক

চৰকাৰী হেল্প নম্বৰ ১০৪ লৈ ফোন কৰি সু-উত্তৰ নোপোৱাত গুৱাহাটীৰ পৰা খোজ কাঢ়িয়েই নিশা উপস্থিত হয় ৰহাত চাৰিজনকৈ লোক ৷ তেওঁলোকৰ ঘৰ ক্ৰমে তেজপুৰ,লখিমপুৰ,মাজুলী আৰু ধেমাজিত ৷ লোককেইজনে গুৱাহাটীৰ ব্যক্তিগত কোম্পানীত কাম কৰিছিল ৷ লক ডাউনৰ ফলত আবদ্ধ হৈ আছিল ৷ ব্যক্তি কেইজনে চৰকাৰে ঘোষণা কৰা হেল্পলাইন ১০৪ নম্বৰত ফোন কৰি বিফল হোৱাত সোমবাৰে পুৱাৰে পৰা গুৱাহাটীৰ পৰা খোজকাঢ়ি ঘৰমুৱা হৈছিল । অৱশ্যে ব্যক্তিকেইজন গুৱাহাটীৰ পৰা খোজকাঢ়ি ৰহা চাৰিআলিত উপস্থিত হোৱাৰ পিছত নগাঁও জিলা প্ৰশাসনৰ দৃষ্টিগোচৰ হোৱাত আটাইকে স্বাস্থ্য পৰীক্ষা কৰে ৷ তেওঁলোকৰ স্বাস্থ্য পৰীক্ষাৰ অন্তত ইতিমধ্যে আটাইকেইজন লোকক ইতিমধ্যে নিজ ঘৰলৈ পঠিওৱাৰ ব্যৱস্থা কৰে নগাঁও জিলা প্ৰশাসনে ।

লগতে পঢ়ক- শিৱসাগৰত আবদ্ধ লোকসকলকঃ নিজ জিলালৈ প্ৰেৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.