ৰূপহীহাট,২০ মে': ৰাজ্যতো অপৰিৱৰ্তিত ৰূপত ক’ভিড-১৯ ৰ পৰিস্থিতি ৷ শেহতীয়াকৈ নগাঁৱৰ ৰূপহীহাটত আক্ৰান্তৰ লগতে নিহতৰ সংখ্যাও পূৰ্বৰ তুলনাত বৃদ্ধি পোৱা দেখা গৈছে । বুধবাৰে ৰূপহীহাটৰ জুৰীয়া কদমণি পথাৰৰ এজন লোকে মহামাৰীৰে যুঁজি প্ৰাণ হেৰুৱায় । নিহত লোকজনৰ নাম কুদৰত আলী ৷
উল্লেখ্য যে, আলী ক’ভিডত আক্ৰান্ত হোৱাৰ পাচতে হোম আইচ'লেচনত আছিল । বুধবাৰে নিশা শ্বাস-প্ৰশ্বাসত কষ্ট পাই প্ৰাণ হেৰুৱায় আলীয়ে । জুৰীয়াৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আছিল মৃত আলী । আলীৰ মৃত্যুৰ পাচতে ৰূপহীহাটত মৃত ক'ভিড ৰোগীৰ সংখ্যা তিনিজনলৈ বৃদ্ধি পায় ৷
লগতে পঢ়ক: ধেমাজিৰ নৱনিযুক্ত উপায়ুক্ত ভাস্কৰ ৰেড্ডীৰ কাৰ্যভাৰ গ্ৰহণ