ETV Bharat / state

কলিয়াবৰত শ্বহীদ দিৱসৰ আয়োজন

author img

By

Published : Nov 4, 2021, 7:09 PM IST

প্ৰতি বছৰৰ দৰে এইবাৰো শ্বহীদ নৰেন্দ্ৰ নাথ মহন্তৰ সোঁৱৰণত দুদিনীয়া কাৰ্যসূচীৰে কলিয়াবৰত অনুষ্ঠিত কৰা হ'ব শ্বহীদ দিৱস । কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজিত শ্বহীদ দিৱসত বিভন্ন কাৰ্যসূচী অনুষ্ঠিত হ'ব । ৩৩ সংখ্যক সদৌ অসম কলিয়াভোমোৰা মাৰাথন দৌৰ প্ৰতিযোগিতাও অনুষ্ঠিত হ'ব । বৃহস্পতিবাৰে কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ বিষয়ববীয়াই এখন সংবাদমেল সম্বোধন কৰি এই কথা প্ৰকাশ কৰে ।

35th All Assam One Act Drama Competition in Kaliabor
কলিয়াবৰত শ্বহীদ দিৱসৰ প্ৰস্তুতি তুংগত

কলিয়াবৰ, ৪ নৱেম্বৰ: ৮ আৰু ৯ নৱেম্বৰত নগাঁৱৰ কলিয়াবৰত কেন্দ্ৰীয় ছাত্ৰ সন্থাই শ্বহীদ দিৱস পালন কৰিবলৈ প্ৰস্তুতি অব্যাহত ৰাখিছে । ইতিমধ্যে শ্বহীদ দিৱসৰ কাৰ্যসূচীও নিশ্চিত কৰিছে সংগঠনটোৱে । বৃহস্পতিবাৰে কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ বিষয়ববীয়াই কুঁৱৰীটোলস্থিত কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি জনায় যে, শ্বহীদ দিৱসত প্ৰতি বছৰৰ দৰে এইবাৰো মাৰাথন দৌৰ প্ৰতিযোগিতা আৰু একাংকিকা নাট প্ৰতিযোগিতা অনুষ্ঠিত হ'ব ।

কলিয়াবৰত শ্বহীদ দিৱসৰ আয়োজন

কুঁৱৰীটোলৰ শ্বহীদ স্মৃতি প্ৰাংগন আৰু মুক্তিযুঁজাৰু ভৱনত অনুষ্ঠিত হ'ব শ্বহীদ দিৱসৰ অনুষ্ঠান । ৩৩ সংখ্যক সদৌ অসম কলিয়াভোমোৰা মাৰাথন দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব । মাৰাথন দৌৰ প্ৰতিযোগিতাত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিব । পুৱা ৫.৩০ বজাত আৰম্ভ হ'বলগীয়া মাৰাথন দৌৰ প্ৰতিযোগিতাৰ শুভাৰম্ভণি কৰিব নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই ।

আনহাতে, ৩৫ সংখ্যক শ্বহীদ নৰেন্দ্ৰ নাথ মহন্ত সোঁৱৰণী একাংকিকা নাট প্ৰতিযোগিতাত ১৮টা নাট্য দলে অংশগ্ৰহণ কৰিব । ইফালে, ৯ নৱেম্বৰত জাতীয় শ্বহীদ সকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি ৮৬৯ গছি বন্তি প্ৰজ্বলন কৰা হ'ব । এই অনুষ্ঠানত উপস্থিত থাকিব সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ লগতে কেইবাগৰাকীও শীৰ্ষ বিষয়ববীয়া ।

ইফালে, শ্বহীদ দিৱসৰ সফলভাৱে উদযাপন কৰাৰ বাবে সকলো ব্যস্ত হৈ পৰিছে । আনহাতে, অসমৰ বিশিষ্ট নাট‍্যকৰ্মী তথা অভিনেতা জ‍্যোতি নাৰায়ণ নাথে অসমলৈ পুনৰ নাটক প্ৰদৰ্শন কৰাৰ পৰিৱেশ ঘূৰি অহাৰ আশা প্ৰকাশ কৰিছে । লগতে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই সকলোৰে সহযোগিতা কামনা কৰিছে ।

লগতে পঢ়ক:কালী পূজা উপলক্ষে জোনাইৰ মন্দিৰসমূহত ভক্তৰ ভিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.