ETV Bharat / state

৩৩ সংখ‍্যক সদৌ অসম কলিয়াভোমোৰ মাৰাথন দৌৰ প্ৰতিযোগিতা - মাৰাথন দৌৰ প্ৰতিযোগিতা

শ্বহীদ নৰেন্দ্ৰ নাথ মহন্তৰ সোঁৱৰণত আয়োজিত শ্বহীদ দিৱসৰ উপলক্ষে অনুষ্ঠিত হয় সদৌ অসম কলিয়াভোমোৰা মাৰাথন দৌৰ প্ৰতিযোগিতা । প্ৰতিযোগিতাখনত প্ৰথম স্থান লাভ কৰে যোৰহাটৰ বিজয় দাসে ৷

33rd All Assam Kaliabhomora Marathon Run Competition
৩৩ সংখ‍্যক সদৌ অসম কলিয়াভোমোৰ মাৰাথন দৌৰ প্ৰতিযোগিতা
author img

By

Published : Nov 8, 2021, 9:28 PM IST

কলিয়াবৰ, 8 নৱেম্বৰ : মাধ্যম আন্দোলনৰ পঞ্চম শ্বহীদ নৰেন্দ্ৰ নাথ মহন্তৰ সোঁৱৰণত কলিয়াবৰ কেন্দ্ৰীয় ছাত্র সন্থাই ৮ আৰু ৯ নবেম্বৰত দুদিনীয়াকৈ আয়োজন কৰে শ্বহীদ দিৱস ৷ শ্বহীদ দিৱসৰ লগত সংগতি ৰাখি বিগত বৰ্ষৰ দৰে এই বৰ্ষতো অনুষ্ঠিত হয় ৩৩ সংখ্যক সদৌ অসম কলিয়াভোমোৰা মাৰাথন দৌৰ প্ৰতিযোগিতা ।

এই মাৰাথন দৌৰ প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰে কলিয়াবৰৰ মহকুমাধিপতি পবিত্ৰ কুমাৰ দাসে । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে এই মাৰাথন দৌৰ প্ৰতিযোগিতত ৷ প্ৰতিযোগীসকলে নিৰ্ধাৰিত দূৰত্ব অতিক্ৰম কৰি কলিয়াবৰ কেন্দ্ৰীয় ছাত্র সন্থাৰ কাৰ্যালয়ৰ প্ৰাংগনত সমাপ্ত হয় এই প্ৰতিযোগিতা ৷

৩৩ সংখ‍্যক সদৌ অসম কলিয়াভোমোৰ মাৰাথন দৌৰ প্ৰতিযোগিতা

প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে যোৰহাটৰ বিজয় দাসে ৷ দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ স্থান লাভ ক্ৰমে, বকোৰ ছানিউল ইছলাম, বৰপেটাৰ ৰবিন দাস আৰু মৰিগাঁৱৰ সূৰ্য দাসে ৷

উল্লেখ‍্য যে, এই প্ৰতিযোগিতাখনত উদযাপন সমিতিয়ে ১১ টাকৈ পুৰস্কাৰ প্ৰদান কৰে । প্রতিযোগিতাৰ প্ৰথম পুৰস্কাৰ ১০,০০১.০০ টকা, দ্বিতীয় পুৰস্কাৰ ৭০০১.০০ টকা তৃতীয় পুৰস্কাৰ ৫.০০১.০০ টকাৰ লগতে মানপত্র, ট্ৰফী, ট্রেক ছুট, মেডেল প্ৰদান কৰা হয় । প্রতিযোগিতাৰ একাদশ স্থানলৈকে ১৫,০১.০০ টকাৰ নগদ মাননী আৰু মানপত্ৰ দিয়া হয় ।

লগতে পঢ়ক: জামিন লাভ কৰিয়েই অশোক শইকীয়াই ক’লে "মই নিৰ্দোষী"

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.