ETV Bharat / state

24 জুন : নগাঁৱৰ বাবে ক'লা ইতিহাস !

অভিশপ্ত 24 জুন ৷ নগাঁৱৰ 13 টাকৈ খিলঞ্জীয়া পৰিয়ালৰ বাবে এটা ক'লা দিন ৷ এই দিনটো আহিলেই বুকুত শোকে খুন্দা মাৰি ধৰে নগাঁৱৰ 13 টাকৈ দুৰ্ভগীয়া পৰিয়ালৰ ৷

author img

By

Published : Jun 24, 2020, 10:46 PM IST

a black day for 13 family of nagaon
a black day for 13 family of nagaon

নগাঁও, 24 জুন : স্বাধীন অসমৰ সপোনৰ পম খেদি ভাৰতীয় সেনা বাহিনীৰ হাতত প্ৰাণ আহুতি দিছিল 13 জনকৈ অসমীয়া ডেকাই ৷ 1994 চনৰ পৰা 2000 চনলৈ ছবছৰৰ ব্যৱধানত একেটা তাৰিখত সেনাবাহিনীৰ গুলীত নিহত হৈছিল নগাঁৱৰ 13 জনকৈ অসমীয়া ডেকা ৷ ২০০০ চনৰ ২৪ জুনত সেনাৰ গুলীত প্ৰাণ হেৰুৱাইছিল নগাঁৱৰ ভোটাইগাঁৱৰ প্ৰশান্ত বৰা, বেবেজীয়াৰ ভাৰত বৰদলৈ, কামপুৰৰ পাৰ্শ্বৱৰ্তী ধিং গাঁৱৰ জীৱন বৰা আৰু খালৈগাঁৱৰ দুলু ডেকা ওৰফে দীপক বৰা । কিন্তু আজিকোপতি আলফা নেতৃত্বই আহৰি নাপালে এইকেইজন যুৱকৰ পৰিয়ালৰ খবৰ ল'বলৈ ৷ 9 মাহতে পিতৃক হেৰুওৱা দুলু ডেকাৰ পুত্ৰই বৰ্তমান ট্ৰেক্টৰ চলায় দুবেলা দুসাজ ভাত যোগাৰ কৰিব লগীয়া হৈছে ৷

একেটা বৰ্ষতে সেনাৰ গুলীত নিহত হৈছিল তদানীন্তন আলফাৰ সহকাৰী বৈদেশিক সচিৱ প্ৰশান্ত বৰা ৷ মৃত্যুৰ বিশ বছৰ পাচতো আলফা নেতৃত্বই খবৰ ল'বলৈ আহৰি নাপালে প্ৰশান্ত বৰাৰ ৷ যাৰ বাবে দুখ প্ৰকাশ কৰিছে পৰিয়ালৰ্গই ৷ একেদিনাই নিহত হৈছিল বেবেজীয়াৰ ভাৰত বৰদলৈ । সেই সময়ৰ আলফাৰ সৈনিক সদস্য ভাৰত বৰদলৈ নিহত হৈছিল সেনা বাহিনীৰ অত্যাচাৰতেই । মৃত্যুৰ দিনটোত কণিষ্ঠ ভাতৃক সুঁৱৰি হুকহুকাই কান্দিলে জ্যেষ্ঠ ভাতৃয়ে ৷

24 জুন : নগাঁৱৰ বাবে ক'লা ইতিহাস !

১৯৯৪ চনৰ ২৪ জুনত সেনাৰ গুলীত নিহত হৈছিল হাতীচোঙৰ হোমেন নাথ ৷ ঘৰৰ চৌহদত পৰিয়ালে নিৰ্মাণ কৰিছিল শ্বহীদ বেদী । কিন্তু সেইয়াও ভাঙি পেলাইছিল সেনাই ৷ কণিষ্ঠ ভাতৃক সুঁৱৰি আজিও আৱেগিক হৈ পৰে হেমেন নাথৰ জ্যেষ্ঠ ভাতৃ ৰমেশ চন্দ্ৰ নাথ । হেমেন নাথৰ লগতে নিহত হৈছিল হিৰণ্য বৰুৱা, ৰাইদঙীয়াৰ বিশ্বজিৎ বৰা, দলংঘাটৰ চৰণ সিং বৰদলৈ আৰু ৰহাৰ পুতুল মেধি নামৰ এজন যুৱক ।

আনহাতে, ১৯৯৭ চনৰ আজিৰ দিনটোতে বেবেজীয়াৰ শিৱ বৰা, ৰহাৰ ধ্ৰুৱজ্যোতি বৰগোঁহাই, ডিমৌৰ অনিল ডেকা আৰু ননৈৰ তপন শৰ্মাইয়ো প্ৰাণ দিছিল সেনা বাহিনীৰ হাতত । সশস্ত্ৰ সংগঠনৰ পৰা মূল সুঁতিলৈ উভতি আহিছে বহুজন । চৰকাৰৰ সৈতে আলোচনা পক্ষতো অৱস্থান বিভিন্নজনৰ । কিন্তু সংগঠনৰ নামত প্ৰাণ দিয়া নগাঁৱৰ এইসকল পৰিয়াল যেন আজি এলাগী সকলো পক্ষৰ পৰা ।

লগতে পঢ়ক : অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব নোৱাৰা কোন এই গৰ্গ চেটাৰ্জী !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.