ETV Bharat / state

বটদ্ৰৱাত ক'ৰণা পজিটিভ; চৈধ্য দিনলৈ বন্ধ থানৰ মুখ্য দুৱাৰ - gmch

বটদ্ৰৱাত প্ৰথম জন ক'ৰণা পজিটিভ । গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানৰ সমীপৰ হোটেল জয়গুৰুৰ স্বতাধিকাৰী তপন বনিক নামৰ ব্যক্তিজনৰ দেহত ক'ভিড-১৯ পজিটিভ ধৰা পৰাৰ পাছতই আতংকিত হৈ পৰিছে সমগ্ৰ বটদ্ৰৱা অঞ্চলৰ জনসাধাৰণ । পুনৰ চৈধ্য দিনৰ বাবে বন্ধ হৈ পৰিল বটদ্ৰৱা থানৰ মুখ্য দুৱাৰ।

1ST CORONA POSITIVE CASE IN BATADRAVA
বটদ্ৰৱাত ক'ৰণা পজিটিভ; চৈধ্য দিনলৈ বন্ধ থানৰ মুখ্য দুৱাৰ
author img

By

Published : Jun 24, 2020, 10:01 PM IST

বটদ্ৰৱা, ২৪ জুন:গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানৰ সমীপৰ হোটেল জয়গুৰুৰ স্বতাধিকাৰী তপন বনিক নামৰ ব্যক্তিজনৰ দেহত ক'ভিড-১৯ পজিটিভ ধৰা পৰাৰ পাছতই আতংকিত হৈ পৰিছে সমগ্ৰ বটদ্ৰৱা অঞ্চলৰ জনসাধাৰণ । বিগত ছমাহ ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ থকা তপন বনিক নামৰ ব্যক্তিজন চিকিৎসাৰ বাবে গুৱাহাটীৰ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানলৈ অহা যোৱা কৰিব লগা হৈছিল । সেই বাবেই স্বাস্থ্য বিভাগে কৰ্কট প্ৰতিষ্ঠানলৈ অহা যোৱা কৰোতে প্ৰতি বাৰতেই SWAB সংগ্রহ কৰিছিল লোকজনৰ । যোৱা ১৯ জুন তাৰিখে স্বাস্থ্য বিভাগে সংগ্ৰহ কৰা SWABৰ ফলাফল বুধবাৰে পজিটিভ অহাৰ পাছতেই বটদ্ৰৱাবাসী ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ইতিমধ্যে স্বাস্থ্য বিভাগে ক'ভিড পজিটিভ ব্যক্তি গৰাকীক এম্বুলেঞ্চৰ জৰিয়তে গুৱাহাটী চিকিৎসালয় মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। ব্যক্তিগৰাকীৰ সংস্পৰ্শলৈ অহা গাড়ী চালক সহ আঠটাকৈ পৰিয়ালক ইতিমধ্যে ১৪ দিনৰ হোম কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰা হৈছে ।

1st-corona-positive-case-in-batadrava
চৈধ্য দিনলৈ বন্ধ থানৰ মুখ্য দুৱাৰ

ইফালে থানৰ সমীপতে হোটেলৰ ব্যৱসায় থকা ব্যক্তিজনৰ দেহত কভিড-১৯ পজিটিভ চিনাক্ত হোৱাৰ পাছতে উদ্বিগ্ন হৈ পৰিছে বটদ্ৰৱা থান পৰিচালনা সমিতি । সমিতিৰ সভাপতি তথা বটদ্ৰৱা নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামীয়ে পৰিচালনা সমিতিৰ হৈ চৈধ্য দিনৰ বাবে বটদ্ৰৱা থানৰ দুৱাৰ পুনৰ বন্ধ কৰি দিয়াৰ সিদ্ধান্তৰ কথা জানিবলৈ দিলে । লগতে থানলৈ দৈনিক আগমন ঘটা ভকত বৈষ্ণৱক আগন্তুক চৈধ্য দিনৰ বাবে থানলৈ নাহিবলৈ আহ্বান জনায় । উল্লেখ্য যে গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানৰ নিত্য নৈমিত্তিক চৈধ্য প্ৰসঙ্গ হাটীবহাৰ কেৱলীয়া ভকত সকলৰ দ্বাৰা চলি থাকিব বুলি জানিবলৈ দিয়ে থান পৰিচালনা সমিতিয়ে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.