ETV Bharat / state

১৮ টাকৈ হাতীৰ মৃত্যুৰ ৰহস্য: আজিও ৰাজহুৱা হোৱা নাই মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন - মধ্য অসম

আজিৰ পৰা ৮ দিন পূৰ্বে অৰ্থাৎ ১৩ মে'ত সংঘটিত হৈছিল সকলোৰে হৃদয় কঁপাই যোৱা ১৮ টাকৈ বন্যহস্তীৰ ৰহস্যজনক মৃত্যুৰ ঘটনা । ৰাজ্যখনতেই নহয় ৰাষ্ট্ৰীয় পৰ্যায়তো সংবাদ শিৰোনাম দখল কৰা এই ঘটনা সংঘটিত হোৱাৰ পিছদিনাই দুৰ্গম পাহাৰত উপস্থিত হৈছিল ৰাজ্যৰ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যকে ধৰি বহু উচ্চপদস্থ বন বিষয়া । ঘটনাক লৈ আৰম্ভ হৈছিল প্ৰতিবাদ, প্ৰতিক্ৰিয়া । পাহাৰীয়া এলেকাত ১৮ টাকৈ হাতীৰ মৃত্যুক কেন্দ্ৰ কৰি মধ্য অসমৰ নগাঁৱত আজিও অব্যাহত আছে প্ৰতিক্ৰিয়া ।

১৮ টাকৈ হাতীৰ মৃত্যুৰ ৰহস্য: আজিও ৰাজহুৱা হোৱা নাই মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন

author img

By

Published : May 21, 2021, 9:37 PM IST

নগাঁও,21মে’: নগাঁৱৰ বামুণী পাহাৰত ১৮ টাকৈ হাতীৰ মৃত্যুক লৈ আজিও অব্যাহত আছে প্ৰতিক্ৰিয়া । প্ৰতিজন প্ৰকৃতিপ্ৰেমী লোকৰ হৃদয় কঁপাই যোৱা এই ঘটনাৰ এটা সপ্তাহ অতিক্ৰম কৰাৰ পিছতো বন বিভাগে ৰাজহুৱা কৰিব পৰা নাই ঘটনাৰ প্ৰকৃত কাৰণ। একাংশই সন্দেহ কৰাৰ দৰে সঁচাকৈয়ে ১৮ টাকৈ হাতীৰ মৃত্যুৰ আঁৰত আছে নেকি কোনো সুবিধাবাদী দুষ্টচক্ৰৰ হাত ৷ বন বিভাগৰ স্থিতিক লৈ সন্দেহ দল-সংগঠনৰ ।

আজিৰ পৰা ৮ দিন পূৰ্বে অৰ্থাৎ ১৩ মে'ত সংঘটিত হৈছিল সকলোৰে হৃদয় কঁপাই যোৱা ১৮ টাকৈ বন্যহস্তীৰ ৰহস্যজনক মৃত্যুৰ ঘটনা । ৰাজ্যখনতেই নহয় ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ সংবাদ শিৰোনাম দখল কৰা এই ঘটনা সংঘটিত হোৱাৰ পিছদিনাই দুৰ্গম পাহাৰত উপস্থিত হৈছিল ৰাজ্যৰ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যকে ধৰি বহু উচ্চপদস্থ বন বিষয়া । ঘটনাক লৈ যেন শোকত ম্ৰিয়মান হৈ পৰিছিল বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য । স্থানীয় লোকৰ লগতে প্ৰকৃতিপ্ৰেমী কোনো এজন লোকে হাতীৰ এটা জাকৰ মৃত্যু প্ৰাকৃতিক দুৰ্যোগৰ ফলত হোৱা বুলি মানি ল’ব পৰা নাছিল, যদিও বজ্ৰপাতৰ ফলতেই হাতীকেইটাৰ মৃত্যু হোৱা বুলি প্ৰথম অৱস্থাতে দাবী কৰিছিল বনমন্ত্ৰী অথবা ৰাজ্যৰ বিয়াগোম বন বিভাগে ।

১৮ টাকৈ হাতীৰ মৃত্যুৰ ৰহস্য: আজিও ৰাজহুৱা হোৱা নাই মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন

ঘটনাক লৈ আৰম্ভ হৈছিল প্ৰতিবাদ, প্ৰতিক্ৰিয়া । পাহাৰীয়া এলেকাত ১৮ টাকৈ হাতীৰ মৃত্যুক কেন্দ্ৰ কৰি মধ্য অসমৰ নগাঁৱত আজিও অব্যাহত আছে প্ৰতিক্ৰিয়া । যোৱা ১৪ মে'ত হাতীকেইটাৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে যাৱতীয় ব্যৱস্থা কৰা হৈছিল যদিও আশ্বৰ্যজনকভাৱে আজি পৰ্যন্ত ৰাজহুৱা নহ'ল মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন । একেলগে ১৮ টাকৈ হাতীৰ মৃত্যুৰ ৮ দিন অতিক্ৰম কৰাৰ পিছতো চৰকাৰৰ বিয়াগোম বন বিভাগে হাতী কেইটাৰ মৃত্যুৰ কাৰণ ৰাজহুৱা কৰিব নোৱাৰাত ক্ষুণ্ণ হৈ পৰিছে একাংশ প্ৰকৃতিপ্ৰেমীৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতি ।

হাতী কেইটাৰ মৃত্যুৰ পিছতেই চর্চালৈ আহিছিল মিকিৰ বামুণী গ্ৰাণ্টত নিৰ্মাণ কাৰ্য চলি থকা এজিউৰ নামৰ কোম্পানীটোৰ এই সৌৰশক্তি প্ৰকল্পৰ প্ৰসংগ । হস্তী দণ্ডিতেই নিৰ্মাণ কাৰ্য চলি থকা সৌৰ শক্তি প্ৰকল্পৰ লগতে দাঁতিকাষৰীয়া পাহাৰত চলা বন ধ্বংস যজ্ঞ আৰু শেহতীয়াকৈ একেলগে ১৮ টাকৈ হাতীৰ মৃত্যু হোৱা ঘটনাৰ এক নিৰপেক্ষ তদন্ত কৰিবলৈ অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ নেতৃত্বত তদন্ত কমিটি গঠনৰ বাবেও দাবী উত্থাপন কৰিছিল দল-সংগঠনে । কিন্তু এই দাবীকো চৰকাৰে কোনো গুৰুত্ব নিদিয়াৰো অভিযোগ উঠিছে ।

এই ঘটনাক লৈ একপ্ৰকাৰ আন্দোলনৰ হুংকাৰ প্ৰদান কৰি অতি শীঘ্ৰেই হাতী কেইটাৰ মৃত্যুৰ প্ৰকৃত কাৰণ ৰাজহুৱা কৰিবলৈও দাবী জনাইছে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে । সমগ্ৰ দেশ কঁপাই যোৱা ১৮ টাকৈ হাতীৰ মৃত্যুৰ কাৰণ এই পৰ্যন্ত ৰাজহুৱা নকৰাক লৈ এতিয়া একাংশ প্ৰকৃতিপ্ৰেমীৰ মাজতো উত্থাপন হৈছে নানা প্ৰশ্নৰ । এয়া সাম্প্ৰতিক সময়ৰ এক উত্তৰ বিহীন প্ৰশ্ন হৈ পৰিছে ৷

লগতে পঢ়ক: শোণিতপুৰৰ লখৰাত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ দুজনক আটক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.