ETV Bharat / state

চামগুৰিত 12 টাকৈ পথৰ আধাৰশিলা স্থাপন ৰকিবুল হুছেইনৰ

author img

By

Published : Jul 9, 2021, 2:18 PM IST

চামগুৰিত PMGSY আৰু SOPD আঁচনিৰ অধীনত 12 টাকৈ পথৰ আধাৰশিলা ৷ প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা আঁচনি (​Pradhan Mantri Gram Sadak Yojana Scheme)ৰ অধীনত নিৰ্মাণ হ'বলগীয়া সমষ্টিটোৰ 12 টাকৈ স্থানত পথৰ আধাৰশিলা স্থাপন কৰি সাংবাদিকৰে হোৱা মত বিনিময়ত ৰকিবুল হুছেইনে এক প্ৰকাৰ শাসনাধিষ্ঠ বিজেপি চৰকাৰ খনৰ বিৰুদ্ধে সৰৱ হোৱা পৰিলক্ষিত হয়।

12-road-foundation-in-samuguri-under-pmgsy-and-sopd-scheme
চামগুৰিত12 টাকৈ পথৰ আধাৰশিলা স্থাপন

চামগুৰি , 9 জুলাই : নগাঁও জিলাৰ চামগুৰিত একে দিনাই 12 টাকৈ পথৰ আধাৰশিলা স্থাপন কৰে চামগুৰি সমষ্টিৰ বিধায়ক তথা বিৰোধী দলৰ উপ দলপতি ৰকিবুল হুছেইনে (Rokibul Hussain)। কলিয়াবৰ আৰু চামগুৰি ক্ষেত্ৰীয় পথ সংমণ্ডলৰ অধীনত 2020/21 বৃত্তীয় বৰ্ষৰ ৰাজ্যৰ অধীনৰ অগ্ৰাধিকাৰভিত্তিক উন্নয়ন (State-Owned Priority Development) আৰু প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা আঁচনি (​Pradhan Mantri Gram Sadak Yojana Scheme)ৰ অধীনত নিৰ্মাণ হ'বলগীয়া সমষ্টিটোৰ মূঢ়ানি, পানীগাওঁ, পেনাই, গেৰুৱামুখ, বৰমা, মোৱামাৰী, শিৱস্থান আৰু চামগুৰিকে ধৰি মুঠ 12 টাকৈ স্থানত পথৰ আধাৰশিলা স্থাপন কৰে কংগ্ৰেছ নেতাগৰাকীয়ে ৷

এই অনুষ্ঠানত সাংবাদিকৰে হোৱা মত বিনিময়ত হুছেইনে এক প্ৰকাৰ শাসনাধিষ্ঠ বিজেপি চৰকাৰ খনৰ বিৰুদ্ধে সৰৱ হোৱা পৰিলক্ষিত হয় । বিশেষকৈ বিধায়ক হুছেইনে বিদ্যুৎ বিভাগে বিদ্যুতৰ বিলৰ নামত সাধাৰণ জনতাক কিদৰে মাধমাৰ সোধাইছে সেই সন্দৰ্ভতো মত ব্যক্ত কৰাৰ লগতে খাদ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি, গেছ চিলিণ্ডাৰৰ মূল্যবৃদ্ধিকে ধৰি কেইবাটাও বিষয়ৰ ওপৰত মতামত ব্যক্ত কৰে চামগুৰিত । প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা আঁচনি (Pradhan Mantri Gram Sadak Yojana Scheme) জৰিয়তে ৰাজ্য চৰকাৰে গ্ৰামাঞ্চলৰ বাট পথ উন্নীতকৰণৰ কাম হাতত লৈছে যদিও বিভিন্ন সময়ত অনিয়ম হোৱা পৰিলক্ষিত হৈছে ৷

চামগুৰিত12 টাকৈ পথৰ আধাৰশিলা স্থাপন

কিছুদিন পূৰ্বে এই আঁচনিৰ অধীনত কামপুৰত পথ নিৰ্মাণত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উঠিছে ৷ কঠিয়াতলী পথৰ পৰা কঁঠালগুৰি সংযোগী নিৰ্মাণ হোৱা ২ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটোৰ নিৰ্মাণৰ কামত কোটি টকা দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে ।

প্ৰাপ্ত তথ্য মতে ভাৰত চৰকাৰৰ গ্ৰাম্য উন্নয়ন মন্ত্ৰালয় (Ministry of Rural Development, Government of India)ৰ পুঁজিৰ দ্বাৰা প্ৰায় ৩ কোটি টকাৰ ব্যয় সাপেক্ষে কামপুৰ কঠিয়াতলী পথৰ পৰা কঁঠালগুৰিৰ আপাৰ বৰগাঁও লালুংগাঁও সংযোগী পথটোৰ নিৰ্মাণৰ কামত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ ৷ কিন্তু পথ নিৰ্মাণৰ কিছুদিন পাচতে অতি নিম্ন মানদণ্ডৰ সামগ্ৰী ব্যৱহাৰ কৰা বাবে পথটো জহি খহি গৈছে বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে । এই অভিযোগ অনিয়মৰ পাচতেই চামগুৰিত একে দিনাই 12 টাকৈ পথৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা আঁচনি (​Pradhan Mantri Gram Sadak Yojana Scheme)ৰ গুৰুত্ব বহন কৰা দেখিবলৈ পোৱা গৈছে ৷

লগতে পঢ়ক:দুদিনীয়া ভ্ৰমণসূচীৰে কোকৰাঝাৰত উপস্থিত মন্ত্ৰী পীযুষ হাজৰিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.