ETV Bharat / state

ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ উত্তীৰ্ণৰ হাৰ 100 % - HSLC

শুকুৰবাৰে ছেবাই হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ (HSLC) ফলাফল ঘোষণা কৰাৰ পাছতে শনিবাৰে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত (HS) পৰীক্ষাৰ ফলাফল ঘোষণা কৰে ৷ এইবেলিও ১০০% উত্তীৰ্ণৰ হাৰেৰে নগাঁৱৰ ভিতৰতে জিলিকি উঠিছে ৰামানুজন কনিষ্ঠ মহাবিদ্যালয় (RAMANUJAN JUNIOR COLLEGE) ।

ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ে 100 শতাংশ উত্তীৰ্ণৰে পুনৰ শীৰ্ষত

author img

By

Published : Jul 31, 2021, 9:09 PM IST

চামগুৰি, 31 জুলাই : ক’ভিড সৃষ্ট (COVID SITUATIONS) পৰিৱেশৰ বাবে ৰাজ্যত এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC) আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা (HS) অনুষ্ঠিত কৰিব পৰা নগ’ল ৷ সেইহে ৰাজ্য চৰকাৰে মূল্যায়ন পদ্ধতিৰ ব্যৱস্থা কৰি ছাত্ৰ-ছাত্ৰীক (STUDENT) ফলাফল দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছিল ৷ সেই অনুসৰিয়ে শুকুৰবাৰে ছেবাই হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পাছতে শনিবাৰে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে (assam higher secondary education council) উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰে ৷

ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ে 100 শতাংশ উত্তীৰ্ণৰে পুনৰ শীৰ্ষত

তাৰমাজতে এইবেলিও ১০০% উত্তীৰ্ণৰ হাৰেৰে নগাঁও জিলাখনৰ (NAGAON DISTRICT) ভিতৰতে জিলিকি উঠিছে ৰামানুজন কনিষ্ঠ মহাবিদ্যালয় । উল্লেখযোগ্য যে, বিগত ২০২০ বৰ্ষত এই কনিষ্ঠ মহাবিদ্যালয়খনৰ পৰাই প্ৰায় ১৯ গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে স্থান লাভ কৰিবলৈ সক্ষম হৈছিল । এইবাৰ ক’ভিড পৰিস্থিতিৰ বাবে পূৰ্বতে ফলাফল ঘোষণাৰ সময়ত যি উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়, তাৰ এক বিপৰীত ছবি দেখা গ’ল কনিষ্ঠ মহাবিদ্যালয়খনত ৷

যদিহে এইবেলি পৰীক্ষা অনুষ্ঠিত হ’লহেতেন কনিষ্ঠ মহাবিদ্যালয়খনৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীৰ প্ৰায় ২০ গৰাকীতকৈ অধিকে স্থান দখল কৰিবলৈ সক্ষম হ’ল হয় বুলি মন্তব্য কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ গৰাকীয়ে । অধ্যক্ষগৰাকীয়ে চৰকাৰে ক’ভিড সৃষ্ট এনে মহামাৰীৰ মাজতো ছাত্ৰ-ছাত্ৰীৰ মাজত এনেদৰে একোখনকৈ মাৰ্কশ্বীট তুলি দিয়াৰ বাবে ধন্যবাদ জনায় । একেদৰে নগাঁৱৰে আন এখন শিক্ষানুষ্ঠান নৱৰূপ জাতীয় বিদ্যালয়ৰ পৰা প্ৰথমবাৰৰ বাবে উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হৈ ১০০ শতাংশ উত্তীৰ্ণৰে বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ছাত্ৰ-ছাত্ৰীসকলে ।

লগতে পঢ়কঃ অমলেটেই কাল হ’ল এগৰাকী মহিলাৰ...

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.