ETV Bharat / state

Zubeen Garg in Morigaon: জিলা দিৱসত মৰিগাঁৱত জুবিন গাৰ্গৰ সংগীতৰ মায়াজাল; তালে তালে অনুৰাগীৰ নৃত্য - zubeen garg stage program

মৰিগাঁও জিলা দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত হ’ল জুবিন গাৰ্গ আৰু আন আন কণ্ঠশিল্পীৰ সংগীতানুষ্ঠান ৷ প্ৰাণ ভৰি নাচি-বাগি উপভোগ কৰিলে শিশুৰ পৰা ডেকা-গাভৰুলৈকে সকলোৱে ৷

Zubeen Garg in Morigaon
মৰিগাঁও দিৱসত জুবিন গাৰ্গৰ সংগীতানুষ্ঠান
author img

By ETV Bharat Assamese Team

Published : Oct 15, 2023, 4:42 PM IST

মৰিগাঁও দিৱসত জুবিন গাৰ্গৰ সংগীতানুষ্ঠান

মৰিগাঁও, 15 অক্টোবৰ : একক আৰু অনন্য জুবিন গাৰ্গ পৰিৱেশন কৰি গৈছে তেওঁৰ ইটোৰ পাছত সিটো জনপ্ৰিয় গীত ৷ সেই গীতৰ তালে-তালে দৰ্শকৰ নৃত্য । গীতৰ তালে-তালে ডেকা-গাভৰুৱে প্ৰাণভৰি নৃত্য কৰি উদযাপন কৰিলে জুবিনৰ সংগীতানুষ্ঠান । পিচ পৰি নৰ'ল শিশুও । স্বাভাৱিকতেই জুবিন গাৰ্গ মানেই যেন সুৰৰ লহৰ । জুবিনৰ এনিশা মানেইতো জনসমূদ্ৰ, পাৰভঙা উছাহ ৷ আকাশে-বতাহে অনুৰণিত হৈ পৰে জনপ্ৰিয় গীতৰ ফল্গুধাৰা । তেনে এক দৃশ্যমান হ’ল মৰিগাঁৱৰ জাগীৰোড সীতাজখলাৰ ৰৌমাৰী খেলপথাৰত ।

উল্লেখ্য যে, মৰিগাঁও জিলা দিৱসৰ লগত সংগতি ৰাখি শনিবাৰে নিশা মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত জাগীৰোডৰ সমীপৰ সীতাজখলাৰ ৰৌমাৰী খেলপথাৰত নিশা আলোকসজ্জাৰে মুখৰিত কৰাৰ পাছতে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ গীতৰ শৰাই অনুষ্ঠিত হয় । জনপ্ৰিয় শিল্পীগৰাকীৰ অনুষ্ঠান উপভোগ কৰিবলৈ হিলদল ভাঙি ওলাই আহিল জুবিন অনুৰাগী ৷

উক্ত অনুষ্ঠানত উপস্থিত থাকে গোভা জোনবিল মেলাৰ পৰিচালনা সমিতিৰ সম্পাদক জুৰচিং বৰদলৈ, মৰিগাঁও জিলা আয়ুক্ত দেবাশীষ শৰ্মা, আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, জাগীৰোড উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ দিব্যজ্যোতি নেওগৰ প্ৰমুখ্যে ভালেসংখ্যক বিশিষ্ট ব্যক্তি ।

একেদৰে সন্ধিয়া মৰিগাঁও উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় খেলপথাৰত যশস্বী শিল্পী জয়ন্ত হাজৰিকাৰ স্মৃতি দিৱসৰ সৈতে সংগতি ৰাখি অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত, মৰিগাঁও জিলা প্ৰশাসনৰ সৌজন্যত আৰু সুৰ বাহিনীৰ সহযোগত এটি সংগীত মধুৰ সন্ধিয়া অনুষ্ঠিত হয় । অনুষ্ঠানত বিশিষ্ট শিল্পী মনীষা হাজৰিকা, ময়ুখ হাজৰিকা আৰু কেইবাগৰাকীও শিল্পীৰ অংশগ্ৰহণৰে মৰিগাঁও দিৱসৰ প্ৰথম নিশাৰ কাৰ্যসূচী সাফল্যমণ্ডিত কৰি তোলে ।

লগতে পঢ়ক: New Assamese film Raghav: তিনিচুকীয়াত জ্ঞান মহোৎসৱত ৰাঘৱৰ প্ৰচাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.