ETV Bharat / state

জাগীৰোডত মহিলাৰ মৃতদেহ উদ্ধাৰ: হত্যাৰ সন্দেহ

author img

By

Published : May 13, 2021, 3:39 PM IST

জাগীৰোডৰ ভাৰাঘৰত থকা মণিকা বৰ্মন নামৰ 37 বছৰীয়া মহিলা গৰাকীৰ মৃতদেহ বৃহস্পতিবাৰে পুৱা সন্দেহজনক অৱস্থাত উদ্ধাৰ হয় ৷ পৰিয়ালৰ লোকে মহিলাগৰাকীক কোনো লোকে হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে ৷ আৰক্ষীৰ তদন্তৰ পাছতহে ঘটনাৰ প্ৰকৃত সত্য পোহৰলৈ আহিব ৷

women-suspected-murder-in-jagiroad
জাগীৰোডত মহিলাৰ মৃতদেহ উদ্ধাৰ: হত্যাৰ সন্দেহ

মৰিগাঁও,13 মে’: জাগীৰোডত বৃহস্পতিবাৰে এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷ জাগীৰোডৰ ভাৰাঘৰত বসবাস কৰা মণিকা বৰ্মন নামৰ 37 বছৰীয়া মহিলা গৰাকীৰ মৃতদেহ বৃহস্পতিবাৰে পুৱা সন্দেহজনক অৱস্থাত উদ্ধাৰ হয় ৷ জানিব পৰা মতে, মৃত মহিলা গৰাকী মাৰ্কাংকুছি প্ৰাথমিক বিদ্যালয়ত শিক্ষকতা কৰি আছিল ।

ইফালে ন-খোলাস্থিত মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত থকা মৃতদেহটোৰ প্ৰাথমিক তদন্তৰ পাছত প্ৰশাসনিক বিষয়াই জনায় যে, মৃতদহটোৰ মুখত কিছু আঘাত আছে ৷ সম্প্ৰতি আৰক্ষীয়ে প্ৰাথমিক তদন্ত অব্যাহত ৰাখিছে ৷

উল্লেখ্য যে, পৰিয়ালৰ লোকে মহিলাগৰাকীক কোনো লোকে হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে ৷ ইতিমধ্যে মণিকা বৰ্মনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে ৷

লগতে পঢ়ক: সোণাৰিত গ্ৰেণেডসহ এজন নগা যুৱক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.