মৰিগাঁও, ২১ মাৰ্চ : নগাঁও আৰু মৰিগাঁও জিলাৰ সীমান্তৱৰ্তী চাপৰমুখত তীব্ৰ উত্তেজনা । পিটনিত এটা পিষ্টল উদ্ধাৰক কেন্দ্ৰ কৰি হুলস্থূলীয়া পৰিৱেশ অঞ্চলটোত (Pistol recovered in Chaparmukh)। সম্প্ৰতি আৰক্ষীয়ে জব্দ কৰিছে পিষ্টলটো । কিন্তু ক'ৰ পৰা আহিল পিষ্টলটো ? কোনে আৰু কিয় পিটনিত পেলাই দিলে পিষ্টলটো ? তাক লৈ এতিয়া ৰহস্যৰ সৃষ্টি হৈছে । অৱশ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ।
উল্লেখ্য যে মৰিগাঁও-নগাঁও জিলাৰ সীমান্তৱৰ্তী ৰহাৰ সৰিয়হতলী মিকিৰগাঁৱত সোমবাৰে এটা পিষ্টল উদ্ধাৰক লৈ সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি হৈছে (Tension over pistol recovery)। জানিব পৰা মতে চাপৰমুখ আৰক্ষী চকীৰ অন্তৰ্গত ভিতৰুৱা সৰিয়হতলী মিকিৰগাঁৱৰ পথাৰৰ পিটনিত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ হৈছে পিষ্টলটো । একাংশ স্থানীয় লোকে উদ্ধাৰ কৰে পিষ্টলটো ।
পথাৰলৈ যোৱা অঞ্চলটোৰ কোনো লোকে পিষ্টলটো পিটনিত পৰি থকা দেখি চাপৰমুখ আৰক্ষীক খবৰ দিয়ে (Villagers recovered pistol from wetland)। খবৰ পোৱাৰ লগে লগে চাপৰমুখ আৰক্ষী সেই স্থানত উপস্থিত হয় আৰু পিটনিৰ পৰা পিষ্টলটো উদ্ধাৰ কৰে । উদ্ধাৰৰ পাছতে পিষ্টলটোৰ পৰীক্ষা নিৰীক্ষা কৰে । আৰক্ষীয়ে জনোৱা মতে সেইটো আচলতে এয়াৰগান হে । সম্প্ৰতি নিষ্ক্ৰিয় বুলি আৰক্ষীয়ে জনাইছে ।
ইফালে আৰক্ষীয়ে জনোৱা মতে এই ধৰণৰ এয়াৰগান বনৰীয়া জীৱ-জন্তু চিকাৰ কৰিবলৈ ব্যৱহাৰ কৰা হয় । বিশেষকৈ চৰাই চিকাৰ কৰিবলৈ এই এয়াৰগান ব্যৱহাৰ কৰে । কিন্তু আৰক্ষীৰ ভয়ত এনেদৰে দুষ্টচক্ৰই পিটনিত এয়াৰগানটো পেলাই থৈ যায় বুলি সন্দেহ কৰিছে আৰক্ষীয়ে (Inactive Airgun recovered in Chaparmukh)। একাংশ লোকে সন্দেহ কৰা মতে কোনো চোৰাং চিকাৰীয়ে এয়াৰগানটো পেলাই থৈ গৈছে ।
অৱশ্যে কোনে, কেতিয়া আৰু কিয় তেনেদৰে পথাৰৰ পিটনিত এয়াৰগানটো পেলাই থৈ গ'ল সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত আছে । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে । কিন্তু এই সন্দৰ্ভত এতিয়ালৈ আৰক্ষীয়ে কোনো লোকক আটক কৰা নাই ।
লগতে পঢ়ক :Kidnapped girl rescued : বহিঃৰাজ্যৰ পৰা উদ্ধাৰ লামডিঙৰ যুৱতী